অচিৰেই পুনৰ অসম কংগ্ৰেছত হ’ব খহনীয়া! কংগ্ৰেছৰ ৮ জন বিধায়কে শীঘ্ৰেই যোগদান কৰিব বিজেপিত। বিধায়ক কেইগৰাকীয়ে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব। অচিৰেই আটাইকেইজনক লৈ অনুষ্ঠিত হ’ব বৃহৎ যোগদান কাৰ্যসূচী।
এই কথা সংবাদ মাধ্যমক জনাইছে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। অৱশ্যে কোন কেইগৰাকী বিধায়কে যোগদান কৰিব সেয়া এতিয়াও গোপনীয় কৰি ৰখা হৈছে।