সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। ৰাজ্যখনৰ ১০খন জিলাৰ ৫৭টা সমষ্টিত অব্যাহত আছে ভোটগ্ৰহণ। আজিৰ দিনটোত ৬৭৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে।
উল্লখ্য যে, এই প্ৰাৰ্থীসকলৰ ভিতৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো আছে। উত্তৰ প্ৰদেশৰ পৰা ৮০শতাংশ ভোটাৰ ৰাইজে বিজেপিক বিচাৰে বুলি দাবী কৰাৰ লগতে এইবাৰ ৰেকৰ্ড কৰিব বুলিও দাবী কৰিছে আদিত্যনাথে।
উত্তৰ প্ৰদেশত ৭ মাৰ্চত সপ্তম পৰ্যায়ত ৫৪ টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব। এই পৰ্যায়ত ৬১৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে।