মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ Z+ নিৰাপত্তা প্ৰদান কৰা হৈছে। গৃহ মন্ত্ৰণালয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ Z কেটেগৰীৰ নিৰাপত্তাৰ পৰা Z+লৈ উন্নিত কৰিছে নিৰাপত্তা সুৰক্ষা ব্যৱস্থা।
উল্লেখ্য যে, হায়দৰাবাদত গণেশ চতুৰ্থীৰ অনুষ্ঠানত অংশ ল’বলৈ যোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বিষয়টো পৰ্যালোচনা কৰিছিল গৃহ মন্ত্ৰণালয়ে।