অসম ক্ৰিকেট সন্থাৰ ফিটনেছ চেণ্টাৰ মুকলি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ কয়- অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২০ খন গ্ৰাউণ্ডৰ কাম হাতত লৈছিল৷ সন্থাৰ তৰফৰ পৰা ৩৫ গৰাকী খেলুৱৈক থকা-খোৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰি আছে। ৩৫ গৰাকী খেলুৱৈক প্ৰশিক্ষণৰ সম্পূৰ্ণ ব্যৱস্থা কৰিছে অসম ক্ৰিকেট সন্থাই।
- ২০ খন খেলপথাৰত কৰ্চিং চেণ্টাৰ বনোৱা চিন্তা কৰিব লাগে তেতিয়া খেলুৱৈৰ সুবিধা হ’ব।
- ৫০ কোটি টকাকৈ প্ৰতিখন ষ্টেডিয়ামলৈ দিয়া হৈছে।
- যোৰহাট ষ্টেডিয়ামখন অত্যাধুনিক ৰূপত সজোৱা হ’ব।
- ৫২ খন খেলপথাৰত নিৰ্মাণৰ লক্ষ্য সম্পূৰ্ণ কৰিয়ে আৰু খেলপথাৰ নিৰ্মাণৰ কাম হাতত ল’ব৷
- অতিশীঘ্ৰে আমিনগাঁৱত বেডমিণ্টন এপেক্স চেণ্টাৰ মুকলি হ’ব
- সৰুসজাইৰ গেম ভেলেইজত ২৫০ জন খেলুৱৈ আৰু প্ৰক্ষিশক থাকিব পৰাকৈ নিৰ্মাণ কৰাৰ লক্ষ্য।
- ক্ৰীড়া পেন্সনৰ ক্ষেত্ৰত অকল খেলুৱৈ সকলক ৮ হাজাৰ টকাকৈ পেন্সন দিয়া হৈছে
- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলক পেন্সন দিয়াৰ ব্যৱস্থা কৰিছে ৷
- কমনৱেল্থ অলিম্পিক আদি খেল সমূহত খেলুৱৈৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷
- লাভলীনাৰ প্ৰশিক্ষকক ২.৫০ লাখ টকা মাহিলী দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷
- সীমা দাসেও যাতে অলিম্পিকৰ সময়লৈকে কোনো অসুবিধা নোহোৱাকৈ প্ৰশিক্ষণ ল’ব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে ৷
- ডিমা হাছাওৰ শেহতীয়া বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ ৫ লাখ টকা প্ৰেৰণ অসম ক্ৰিকেট সন্থাৰ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকত এইদৰে কয়, ‘ অসমৰ ক্ৰীড়া ইতিহাসৰ এক সোণালী দিন। বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অত্যাধুনিক জিমনেছিয়াম আৰু অভ্যৰ্থনা কক্ষৰ শুভ উদ্বোধনৰ লগতে অসম চৰকাৰে প্ৰদান কৰা ১১ বিঘা মাটিত ৭০০খন বাহন ৰাখিব পৰাকৈ পাৰ্কিং আৰু বাণিজ্যিক চৌহদৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হওঁ।
We have decided to provide ₹2.5 lakh per month to the personal coach of Smt @LovlinaBorgohai for the next Olympics. Training for sprinter Smt @HimaDas8 will also be arranged.
A games village is being planned at Sarusajai that will be able to accommodate at least 250 players. pic.twitter.com/9RYUUXUFRa
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 29, 2022
তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকক খেলৰ অনুশীলনৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহক উপযুক্তভাৱে গঢ়ি তুলিবলৈ অসম চৰকাৰে ৰাজ্যজুৰি ক্ৰীড়া আন্তঃগাঁথনি সবল কৰিবলৈ পদক্ষেপ লৈছে। নিযুক্তিৰ ক্ষেত্ৰতো খেলুৱৈসকলৰ বাবে পদ সংৰক্ষণৰ দিশটোত চিন্তা-চৰ্চা কৰি থকা হৈছে।