যোৱা ১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত হৈ যোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ আন্ত:বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী জোনমণি দাসে কুমিটে শাখাত ৬৮ কেজিৰ শাখাটোত ব্ৰন্জ মেডেল লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী পৰ্যায়ত বেংগালোৰত হ’বলগীয়া খেলো ইন্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াতো তেওঁ অংশগ্ৰহণ কৰিব।
২০২২ বৰ্ষত বেংগালোৰৰ জৈন বিশ্ববিদ্যালয়ত হ’বলগীয়া খেলো ইন্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত গুৱাহাটী কমাৰ্চ কলেজৰ চান্দনী জৈনয়েও নিৰ্বাচিত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপ জ্যোতি সন্দিকৈ, পঞ্জীয়ক ডক্টৰ হেমন্ত কুমাৰ নাথ, ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ ৰন্জন কুমাৰ কাকতিয়েও দুয়োগৰাকী বিজেতাক অভিনন্দনৰ লগতে ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জ্ঞাপন কৰে।