অসম আৰক্ষী আৰু অসম ৰাইফলছে এক যুটীয়া অভিযানত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত নিষিদ্ধ ঘোষিত ULFA(I)ৰ দুজন কেডাৰক আটক কৰে। গোপন সূত্ৰৰ পম খেদি অভিযানকাৰী দলটোৱে বুধবাৰে অৰুণাচলৰ নামপঙৰ গভীৰ জংঘলত অভিযান চলাই কেডাৰ দুজনক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, ULFA(I)ৰ নেতা মৃগাংক অসমৰ নেতৃত্বত ULFA ৰ দলটোৱে উক্ত স্থানত আশ্ৰয় লৈ আছিল। আৰক্ষী আৰু অসম ৰাইফলছৰ অতৰ্কিত আক্ৰমণত আলফাৰ দলটো পলাই যাবলৈ সক্ষম হয় যদিও দুজন কেডাৰে নিৰাপত্তা বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰে।
আটক কৰা উগ্ৰপন্থী দুজনকক জাগৰণ অসম আৰু ধনী অসম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা দুটা MQ 81 Assault Rifle, কেইখনমান আলোচনী, কেইবা ৰাউণ্ড সজীৱ গুলী, বুলেট প্ৰুফ জেকেটৰ লগতে কিছুমান ব্যক্তিগত সামগ্ৰী উদ্ধাৰ কৰা হয়।