অসম টেবুল টেনিছ সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত এক অনুষ্ঠানত ২০২২ বৰ্ষৰ চাব-জুনিঅ’ৰ শাখাত টেবুল টেনিছৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ বিজয়ী অসমৰ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যক সম্বৰ্ধনা জ্ঞাপন কৰে।
ভাষণ প্ৰসংগত তেওঁ কয় যে, প্ৰায় ১০ বছৰমানৰ পাছত অসমত পুনৰ টেবুল টেনিছে ইয়াৰ পূৰ্বৰ গৰিমা ঘূৰাই পাবলৈ সক্ষম হৈছে। এসময়ত এই খেলবিধত অসমৰ খেলুৱৈয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে শেহতীয়াকৈ অসম চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰাত অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখন পুনৰ উজ্জীৱিত হৈ পৰিছে।
At this event, I honoured the young champion with a Phulam Gamucha and presented him with a cheque for Rs.2 lakhs. Priyanuj has created history by becoming the first Assamese sub-junior national Table Tennis Champion in a decade. pic.twitter.com/hg8XNWUX7l
— Pijush Hazarika (Modi ka Parivar) (@Pijush_hazarika) July 10, 2022
আনহাতে অসম টেবুল টেনিছ সন্থাৰ উদ্যোগত অসমত কলিকতাৰ প্ৰশিক্ষক শুভ্ৰজিত সাহাৰ তত্বাৱধানত এক প্ৰশিক্ষণ কাৰ্যসূচীৰো আৰম্ভ হোৱা বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যক শুভেচ্ছা জনোৱাৰ লগতে অসম টেবুল টেনিছ সন্থাৰ তৰফৰ পৰা দুই লাখ টকাৰ চেক প্ৰদান কৰে।
অনুষ্ঠানত আঠবাৰকৈ ৰাষ্ট্ৰীয় টেবুল টেনিছৰ চেম্পিয়ন খেলুৱৈ কমলেশ মেহতা, অসমৰ অৰ্জুন বঁটাপ্ৰাপ্ত খেলুৱৈ মনালিছা মেহতাৰ লগতে অসম টেবুল টেনিছ সন্থাৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।