গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ বি আৰু চি ডিভিজন ফুটবল লীগত আজি জয় সাব্যস্ত কৰিছে জুৱেল ষ্টাৰ, নৰ্থ ইষ্ট ইউনাইটেড এফচি, লেজেণ্ড্ছ স্প’ৰ্টিং ক্লাব আৰু ইয়ং এমেচাৰ ক্লাবে ৷ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত চি ডিভিজনৰ গ্ৰুপ বিৰ প্ৰথম দুখন খেলত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে উদয়ন কৃষ্টি সংঘক ২-১ গ’লত পৰাস্ত কৰে ৷ আনখন খেলত লেজেণ্ড্ছ স্প’ৰ্টিং ক্লাবে এছজি ক্লাবক ২-০ গ’লত পৰাস্ত কৰে ৷ আনহাতে, বি ডিভিজনৰ গ্ৰুপ বিৰ প্ৰথম মেচত জুৱেল ষ্টাৰ ক্লাবে ষ্টাৰ স্প’ৰ্টিং ক্লাবক ১-০ গ’লত পৰাস্ত কৰে ৷
ইপিনে আনখন খেলত ইয়ং এমেচাৰ ক্লাবে ৰিভাৰ ৰাইন ক্লাবক ৫-১ গ’লত পৰাস্ত কৰে ৷ ছিংৰিক মমিনে ইয়ং এমেচাৰৰ হৈ হেটট্ৰিক অৰ্জন কৰে ৷ কাইলৈ চি ডিভিজনত গুৱাহাটী চিটী এফচিয়ে ৰয়েল্ছ ক্লাব আৰু আৰামবাগ এফচিয়ে নিউ ষ্টাৰ ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷ বি ডিভিজনত গুৱাহাটী এফচিয়ে পাণবজাৰ বয়জ আৰু ৰাইজিং ইলেভেনে স্প’ৰ্টিং ইউনিয়নৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷ উল্লেখ্য যে কালি অনুষ্ঠিত চি ডিভিজনৰ আৰামবাগ ক্লাব আৰু ৰয়েল্ছ ক্লাবৰ মাজত হোৱা খেলৰ ৰয়েল্ছ ক্লাবৰ এজন খেলুৱৈয়ে আন্তঃৰাজ্যিক ক্লীয়েৰেন্স নোহোৱাকৈ খেলাৰ অভিযোগ সঁচা প্ৰমাণিত হোৱাত টুৰ্নামেণ্ট কমিটীয়ে এই খেলৰ ফলাফল সলনি কৰি আৰামবাগ ক্লাবক তিনি পইন্ট আৰু তিনিটা গ’ল প্ৰদান কৰে ৷