আইচিচিয়ে উইকেটক ‘বিলো এভাৰেজ’ বুলি মন্তব্য কৰিছিল । ৰাৱালপিণ্ডিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত উইকেটৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
উল্লেখ্য যে,‘বিলো এভাৰেজ’ উইকেটৰ বাবে পিচিবিৰ অধ্যক্ষ ৰমিজ ৰাজাক জবাবদিহি কৰা হৈছিল ।
কিন্তু শনিবাৰে বাংগালুৰুত এক বিপৰীত ছবি দেখিবলৈ পোৱা গ’ল ।
ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ চিন্নাস্বামী ষ্টেডিয়ামত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু শ্ৰীলংকাৰ অধিনায়ক দিমুথ কৰুণাৰত্নে প্ৰথম ৫ অ’ভাৰত পিটছৰ অসমান বাউন্স দেখি স্পিনাৰক আমন্ত্ৰণ জনায়। স্পিনৰ আক্ৰমণৰ ফলত দিশহাৰা হৈ পৰিছিল ভাৰতীয় বেটছমেনসকল। পিটছত বলৰ ঘূৰ্ণী দেখি স্তম্ভিত হৈ পৰিছিল বেটচমেন।
উল্লেখ্য যে, কোহলী,ৰবীন্দ্ৰ জাদেজাৰ দৰে ক্ৰিকেটাৰে বলৰ গতি ধৰিব নোৱাৰিলে । বাংগালুৰুৰ পিটছত কোনো এজন ভাৰতীয় বেটছমেনে ক্ৰীজত বৰ বেছি সময় তিস্তি থাকিব নোৱাৰিলে।এটাৰ পাছত আনটো উইকেট হেৰুৱালে।
কেৱল ভাৰতেই নহয়। শ্ৰীলংকান খেলুৱৈ সকলৰ বাবেও ভাৰতে বান্ধি দিয়া লক্ষ্য কঠিন প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। দিনটোৰ শেষত ৬টাকৈ উইকেট হেৰুৱাই মাত্ৰ ৮৬ৰানহে কৰিবলৈ সক্ষম হয়। দেওবাৰে খেলৰ দ্বিতীয় দিন। প্ৰথম দিনাৰ দৰে যদি আজিও বাংগালুৰুৰ পিটছত বল ঘূৰে তেতিয়া শ্ৰীলংকাই যে অতি সোনকালে ইনিংছৰ সামৰনি মাৰিব লাগিব সেয়া সত্য ।