ফিফা বিশ্বকাপ ২০২২ বৰ্ষৰ নৱেম্বৰত কাটাৰত অনুষ্ঠিত হ’ব। কাটাৰ চৰকাৰে ফিফাৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে। ইতিমধ্যে, কাটাৰ চৰকাৰে লোৱা এক সিদ্ধান্তই বৰ্তমান সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছে। দৰাচলতে, কাটাৰ চৰকাৰে বিশ্বকাপৰ সময়ত অবিবাহিত যুগলবন্দীক নিশা একেলগে থকা আৰু ৰাজহুৱাকৈ প্ৰেম কৰা নিষিদ্ধ কৰিছে। তথ্য অনুসৰি, কাটাৰ চৰকাৰে এই সন্দৰ্ভত কেছে যে, “বিদেশী অতিথিসকলেও এই দেশৰ আইন অনুসৰণ কৰিব লাগিব। অনুষ্ঠানটোৰ সময়ত শাৰীৰিক সম্পৰ্ক কৰাৰ বাবে অবিবাহিত দম্পতীক ৭ বছৰলৈকে কাৰাবাসৰ শাস্তি বিহা হ’ব পাৰে। চৰকাৰে ইয়াৰ লগতে আৰু বহুতো কঠোৰ আইন ৰূপায়ণ কৰিছে।
দৰাচলতে, কাটাৰত ইছলামিক চৰিয়ত আইনৰ মতে, অবিবাহিত লোকসকলে শাৰীৰিক সম্পর্ক কৰাটো নিষিদ্ধ হোৱাৰ লগতে সমকামিতাও নিষিদ্ধ আৰু ইয়াৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা আছে। কাটাৰ আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে, “বিদেশী নাগৰিকসকলেও এনে অপৰাধৰ বাবে ৭ বছৰৰ কাৰাবাসৰ শাস্তি ভুগিব লগা পাব পাৰে।
চৰকাৰে স্পষ্ট কৰি দিছে যে, “যদি এহাল দম্পতীৰ উপাধি একে নহয়, তেন্তে তেওঁলোকে হোটেলখনত একেলগে এটা কোঠাত থাকিব নোৱাৰিব। একেটা কোঠা পাবলৈ, তেওঁলোকে প্ৰমাণ কৰিব লাগিব যে তেওঁলোক বিবাহিত। লগতে, ফুটবল খেলৰ পিছত কোনো পাৰ্টি বা সুৰাপানৰ অনুমতি দিয়া নহ’ব। ফিফা বিশ্বকাপৰ মুখ্য বিষয়া নাছেৰে কয়, “কাটাৰৰ মুকলি প্ৰেম কৰাৰ সংস্কৃতি নাই, সেয়েহে আমি ইয়াত বিদেশী অতিথিসকলক অনুমতি দিব নোৱাৰো।”