লিভাৰপুলক একমাত্ৰ গ’লত পৰাজিত কৰি চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে ৰিয়েল মাদ্ৰিদে৷ এইবাৰকে ধৰি ১৪ বাৰ খিতাপ দখল কৰিলে ৰিয়েলে৷ বিজয়সূচক একমাত্ৰ গ’লটো দিয়ে ব্ৰাজিলিয়ান যুৱ তাৰকা ভিনিচিয়াচ জুনিয়ৰে৷ দ্বিতীয়াৰ্ধত দিয়া তেওঁৰ এই গ’লটোৰ বাবেই খালীহাতে উভতিবলগীয়া হয় লিভাৰপুল৷ বিফল মনোৰথেৰে অভিযান সামৰে মহম্মদ চালাহে৷
অৱশ্যে গ’লৰক্ষকৰ দুৰ্ভেদ্য প্ৰাচীৰৰ বাবে নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা পৰে ৰিয়েল মাদ্ৰিদ৷ লিভাৰপুলৰ প্ৰতিটো আক্ৰমণ তেওঁ প্ৰায় অকলশৰে প্ৰতিহত কৰে৷ ফলত ২০১৮ চনৰ পিছত পুনৰ বিজয় ধ্বজা উৰুৱাই ৰিয়েল মাদ্ৰিদে৷ এই বিজয়েৰে ৰিয়েলে লাভ কৰে ভাৰতীয় মুদ্ৰাত ১০০০ কোটি টকা৷