সম্পূৰ্ণ এক ভুৱা পৰিচয়েৰে মাজুলীৰে বহু গ্ৰাহকৰ পৰা কোটি কোটি টকা লুটি উধাও হোৱা কানাডিয়ান ছলাৰ নামৰ এপছটোত ধন বিনিয়োগ কৰা গ্ৰাহকসকলৰ মাজত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। নামনি মাজুলীৰ গোৱালগাঁও তিনিআলিত এটা দোকান ঘৰ ভাড়ালৈ লৈ কানাডিয়ান ছলাৰৰ নামত সম্পূৰ্ণ অবৈধ ভাৱে কাৰ্যালয় খুলি প্ৰৱঞ্চনাৰ জাল পেলাই শ শ লোকক ধন বিনিয়োগ কৰোৱাই সৰ্বস্বান্ত কৰা চক্ৰটো সম্প্ৰতি পোহৰলৈ আহিছে।
দিগন্ত হাজৰিকা নামৰ এগৰাকী লোকক ভৰসা কৰি ধন বিনিয়োগ কৰা বুলি বহুজনে জানিবলৈ দিয়াৰ লগতে বসন্ত শইকীয়া নামৰ শিক্ষক এজনে সামাজিক মাধ্যমত পোষ্ট দি বিভিন্নজনক ইয়াত যোগ দিবলৈ আহ্বান জনোৱা বুলি জানিবলৈ দিছে।এই আহ্বানৰ পিছতেই বহু নিবনুৱা যুৱকে উক্ত এপছত ধন বিনিয়োগ কৰিছিল। এগৰাকীয়ে কাৰ্যালয় খুলি ধন বিনিয়োগ কৰিবলৈ প্ৰৰোচিত কৰিছে আৰু বসন্ত শইকীয়াই ফেচবুকত পোষ্ট দি প্ৰৰোচিত কৰা বুলি বিভিন্ন জনে অভিযোগ কৰি দুয়োজনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তোলে।
উল্লেখযোগ্য যে, উক্ত চক্ৰটোৱে মাজুলীৰ গুৱালগাঁও তিনিআলিত কানাডিয়ান চলাৰ এপছৰ অফিচ স্থাপন কৰি সহজ সৰল মানুহক লোভ দেখুৱাই লাখ লাখ টকা বিনিয়োগ কৰাইছিল। এটা হোৱাটছএপ গ্ৰুপত এগৰাকী সুন্দৰী যুৱতীৰ হতুৱাই লোকসকলক বিভিন্ন প্লেন ক্ৰয় কৰিবলৈ উৎসাহিত কৰে।
প্ৰথম অৱস্থাত দৈনিক টকা উপাৰ্জন হোৱাত লোকসকলে অধিক উপাৰ্জনৰ লোভত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছিল। কিন্তু যোৱা ২১ জুনৰ পৰা বিনিয়োগ কৰা লোকসকলৰ দৈনিক উপাৰ্জিত ধন ব্যক্তিগত বেংক একাউণ্টলৈ প্ৰেৰণ কৰাৰ পিছতো উপাৰ্জিত ধন বেংক একাউন্টত নোসোমাল আৰু অৱশেষত যোৱা ২৫ জুনৰ নিশা এপছটো চিষ্টেমৰ পৰা ডিলিট হৈ যায়।
জানিব পৰা মতে এই এপছটোত মাজুলীৰ বহু কলেজৰ অধ্যাপক, শিক্ষক, চিকিৎসক, ঠিকাদাৰ, সম্ভ্ৰান্ত লোকেও ধন বিনিয়োগ কৰিছিল। কেৱল মাজুলীৰ পৰাই আনুমানিক ১০ কোটিতকৈ অধিক টকা উক্ত এপছটোৱে লুটি নিয়া বুলি জানিব পৰা গৈছে।