মহানগৰীত ভাৰতৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ ২০২৩ৰ চতুৰ্থ সংস্কৰণৰ ল’গ’ আৰু প্ৰতীকী অষ্টলক্ষ্মী মুকলি কৰে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমানিক, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জামিল হিলালীৰ লগতে উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ক্ৰীড়া সংগঠকৰ লগতে খেলুৱৈসকল।
তদুপৰি উত্তৰ-পূবৰ ক্ৰীড়া আইকন, ৰাষ্ট্ৰীয় পদক বিজয়ী বক্সাৰ পিউইলাও বসুমতাৰী, আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ সুৰজ গোৱালা, আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ দিব্যাজ ৰাজখোৱা, ত্ৰিপুৰাৰ জুডোকা ৰিক্সন দেৱ বাৰ্মা উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ যুৱ প্ৰজন্মক ক্ৰীড়াৰে জড়িত হ’বলৈ উৎসাহিতকৰণত অধিক গুৰুত্ব আৰোপ কৰাৰ জৰিয়তে বিশ্বক্ষেত্ৰত নাম উজ্বলাবলৈ কৰা প্ৰচেষ্টাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়- “অসম উত্তৰ-পূবৰ ক্ৰীড়াৰ এক গন্তব্যস্থান ৷ অসমত সফলতাৰে দক্ষিণ পূব এছিয়ান গেমছ, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ দ্বিতীয় সংস্কৰণ আৰু শেহতীয়াকৈ খেল মহাৰণৰ দৰে কেইবাটাও মেগা ইভেণ্ট সফলতাৰে আয়োজন কৰা হৈছে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “এই বৃহৎ আয়োজনত আমাৰ চৰকাৰৰ সমৰ্থন অতুলনীয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীক সন্মান কৰি আমি আমাৰ ক্ৰীড়া ক্ষেত্ৰখনক অন্য এক মাত্ৰা দিবলৈ সক্ষম হৈছো ৷ আমি ৫,০০০ৰো অধিক অংশগ্ৰহণকাৰীক স্বাগতম জনোৱাৰ বাবে অপেক্ষা কৰি আছো ৷ ইয়াৰোপৰি এই সন্মানীয় অনুষ্ঠানটোৰ বাবে প্ৰতিনিধিসকলক স্বাগতম জনাইছো৷”
উল্লেখযোগ্য যে এইবাৰ অসমত আয়োজন কৰা খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ ২০২৩- ত মুঠ ১৬ টা শাখাত অনুষ্ঠিত হ’ব৷ এই ক্ৰীড়া প্ৰতিযোগিতাত এথলেটিকছ, ৰাগবী, বাস্কেটবল, ভলীবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেন্সিং, কাবাডী, ফুটবল, টেনিছ, মাল্লাখাম্ব, জুডো, টেবুল টেনিছ, বক্সিং, শ্বুটিঙকে ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷