গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ মিৰ্জাৰ শ্বহীদ ভৱনত দক্ষিণ কামৰূপ কাৰাটে ক্লাৱৰ উদ্যোগত ৫ মে’ত প্ৰথম কামৰূপ জিলা আমন্ত্ৰণমূলক কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাত জিলাখনৰ ১১ টা কাৰাটে ক্লাবৰ ২৪০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ দলীয় শাখাত পলাশবাৰী আঞ্চলিক চাটোকান কাৰাটে ক্লাবে প্ৰথম স্থান লাভৰে প্ৰয়াত দধি মোহন ডেকা সোঁৱৰণী বঁটা ( দাতা : অমল ডেকা আৰু পৰিয়ালবৰ্গ ) লাভ কৰে। তেনেদৰে ছয়গাঁও কাৰাটে ক্লাবে দ্বিতীয় স্থান লাভৰে ভূপেন তালুকদাৰ আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা বঁটা লাভ কৰে। প্ৰতিযোগিতাখন পৰিচালনা কৰে ৰমেন ভূঞাই।
আনহাতে প্ৰতিযোগিতাৰ সামৰণিত অনুষ্ঠিত বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে দক্ষিণ কামৰূপ কাৰাটে ক্লাবৰ সভাপতি পংকজ লোচন গোস্বামীয়ে আৰু আঁত ধৰে সম্পাদক কল্যাণ দাসে। সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বঁটা বিতৰণ কৰে ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত পংকজ কুমাৰ দাস, আৰ কে নিচা, চাৰ্লি দাস, ৰূপক ৰাজবংশী, খগেন কলিতা আৰু অমিয় ভূঞাই। সভাত ক্লাবৰ যুটীয়া সম্পাদক হীৰক দাস, মনোজ দাস, মফিদুল হক, কিশোৰ কুমাৰ পাঠককে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু কাৰাটে খেলৰ লগত জড়িত ভালে কেইজন প্ৰবীণ – নবীন খেলুৱৈ উপস্থিত আছিল।