সুখবৰ! অসম চৰকাৰে পৰৱৰ্তী অলিম্পিক খেললৈকে লাভলিনা বৰগোহাঁইক প্ৰশিক্ষক প্ৰদান কৰিব আৰু তাৰ বাবে প্ৰতি মাহে ২.৫ লাখ টকাকৈ পৰিশোধ কৰিব। ৰাজ্যিক কেবিনেটে হিমা দাসৰ বাবেও প্ৰতি মাহে ১ লাখ টকাকৈ পৰিশোধ কৰাৰ সিদ্ধান্ত লৈছে।
উল্লেখ্য যে, ক্ৰীড়া ক্ষেত্ৰখনৰ উন্নতিৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰখনে বিভিন্ন ব্যৱস্থা লোৱাৰ লগতে মিনি ষ্টেডিয়াম গঠনেৰে ভিতৰুৱা অঞ্চলসমূহৰ খেলুৱৈক উৎসাহ যোগোৱা দেখা গৈছে।