IPLৰ মাজভাগতে অৱসৰ ঘোষণা চেন্নাই ছুপাৰ কিংছৰ বেটছমেন অম্বাতি ৰায়ডুৰ। এইবাৰেই শেষ, এই ছিজনৰ পিছত আৰু আইপিএল নেখেলে বুলি কয় চিএছকেৰ খেলুৱৈগৰাকীয়ে। অৱশ্যে, ৰায়ডুৰ এই অৱসৰ ঘোষণাৰ ১৫ মিনিট পাছতে ডিলিট কৰে টুইটাৰ পোষ্ট। তাৰ পিছতে আৰম্ভ হয় তুমুল বিতৰ্কৰ। ৰায়ডুৱে টুইট কিয় ডিলিট কৰিলে? ইয়াৰ আঁৰত আন কিবা কাৰণ আছে নেকি?
এটা টুইটযোগে ৰায়ডুৱে তেওঁৰ অৱসৰৰ কথা ঘোষণা কৰি কয়, ‘মই ঘোষণা কৰিবলৈ পাই সুখী যে, এয়া মোৰ অন্তিম IPL ছিজন। ১৩ বছৰ ধৰি দুটা ডাঙৰ দলৰ অংশ হৈ ভাল সময় অতিবাহিত কৰিছো। মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছক ধন্যবাদ।’ আশ্চৰ্যজনক ভাৱে ১৫ মিনিট পাছতে টুইট ডিলিট কৰে অম্বাতি ৰায়ডুৱে।