ভাৰতীয় ক্রিকেটত বিৰাট কোহলি আৰু বিচিচিআইৰ মাজত নেতৃত্বক লৈ চলি থকা যুদ্ধৰ মাজতেই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী পুনৰ এক বিতর্কৰ মাজত সোমাই পৰিছে৷ এইবাৰ গাংগুলী ভাৰতীয় ক্রিকেট দলৰ নির্বাচনী বৈঠকত উপস্থিত থকাৰো এক অভিযোগ উত্থাপিত হৈছে৷ এয়া বিচিচিআইৰ সংবিধানবিৰুদ্ধ ঘটনা৷ অৱশ্যে নির্বাচনী বৈঠকত গাংগুলী উপস্থিত আছিল যদিও তেওঁ কেতিয়াও দল নির্বাচনত হস্তক্ষেপ কৰা নাই৷ অৱশ্যে গাংগুলীৰ উপস্থিতিয়ে নির্বাচক কমিটীৰ সদস্যসকলক কিছু পৰিমাণে চাপত ৰাখিছিল বুলি BCCIৰ এজন সদস্যই জনাইছে।
গাংগুলীয়ে ভাৰতীয় দল নির্বাচনত হস্তক্ষেপ কৰা বুলি উঠা অভিযোগ সন্দর্ভত নির্বাচক কমিটীৰ সদস্যগৰাকীয়ে কয় যে বিচিচিআইৰ সভাপতিগৰাকীয়ে দল নির্বাচনী বৈঠকত কেতিয়াও হস্তক্ষেপ কৰা নাই৷ গাংগুলীয়ে কোন খেলুৱৈক ল’ব আৰু কোন খেলুৱৈক বাদ দিব সেই সন্দর্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা দেখা নাই৷ সৌৰভ গাংগুলীৰ বিপক্ষে উঠা এই অভিযোগ সম্পূর্ণ মিছা বুলিও মন্তব্য কৰে নির্বাচক কমিটীৰ সদস্যগৰাকীয়ে৷