গুৱাহাটীৰ দীপৰ বিলৰ পাৰ্শ্ববৰ্তী দেউছটাল নৱজ্যোতি সংঘৰ উদ্যোগত সংঘৰ খেলপথাৰত বৃহস্পতিবাৰৰ সন্ধিয়াৰে পৰা অসম ভিত্তিত সীমিত অভাৰৰ দ্বিতীয় বাৰ্ষিক দিবা – নৈশ টেনিচ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৫ টা দলে ভাগ লোৱা প্ৰতিযোগিতাখন উদ্ধোধন কৰে বিশিষ্ট সমাজকর্মী, সংঘৰ প্ৰাক্তন সভাপতি কেষ্টৰাম ৰংপীয়ে।
তদুপলক্ষে প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি মৃদুল বড়োয়ে আঁত ধৰা চমু অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় সম্পাদক ৰাজীৱ লিম্বুয়ে। অনুষ্ঠানত সংঘৰ সভাপতি বলেশ্বৰ ৰংপী, প্ৰাক্তন সভাপতিদ্বয় অশোক থাপা আৰু বিনন ৰংপী, সদস্য সুশীল থাপাকে ধৰি ক্রীড়াৰ লগত জড়িত কেবাজনো লোক উপস্থাপন থাকে।
উল্লেখযোগ্য যে ১১ এপ্ৰিলৰ দিনা সন্ধিয়া প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হব। আনহাতে শ্ৰেষ্ঠ বিজয়ী দলক নগদ ৮০ হাজাৰ টকাসহ দেৱৰাজ লিম্বু সোঁৱৰণী বঁটা, দ্বিতীয় শ্ৰেষ্ঠ দলক নগদ ৪০ হাজাৰ টকাসহ তুলসী ফাংছ সোঁৱৰণী বঁটা প্ৰদান কৰা হব। তেনেদৰে মেন অফ দ্যা চিৰিজক নগদ ১৫ হাজাৰ টকা, শ্ৰেষ্ঠ বেটছমেন, শ্ৰেষ্ঠ বলাৰ শ্ৰেষ্ঠ ফিল্ডাৰক নগদ পাঁচ হাজাৰকৈ টকা চূড়ান্ত খেলৰ মেন অফ দ্যা মেচক নগদ সাত হাজাৰ টকা প্ৰদান কৰা হব।