ভাৰতৰ দ্ৰুততম মহিলাৰ স্থানত তামিলনাডুৰ ধনলক্ষ্মী ৷
চেৰ পেলালে ধিং এক্সপ্ৰেছ হিমা দাস আৰু ৰাষ্ট্ৰীয় ৰেকৰ্ড অধিকাৰী স্প্ৰীণ্টাৰ দুটী চান্দক ৷
মঙলবাৰে পাটিয়ালাত অনুষ্ঠিত ২৪তম ফেডাৰেচন কাপ চিনিয়ৰ নেচনেল এথেলেটিকচ চেম্পিয়নশ্বিপত দুৰন্ত প্ৰদৰ্শন কৰি ইতিহাস ৰচিলে ধনলক্ষ্মীয়ে ৷
২৩.২৬ ছেকেণ্ডত ২০০ মিটাৰ ট্ৰেক অতিক্ৰম কৰি টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ দিশে এইগৰাকী যুৱতী ৷
দৌৰৰাণী পি টি ঊষাৰ ২৩ বছৰৰ ৰেকৰ্ড ভংগ কৰিলে ধনলক্ষ্মীয়ে ৷
হিমা দাসক অতিক্ৰম কৰি ১১.৩৯ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰিলে তামিলনাডুৰ ধনলক্ষ্মীয়ে ৷
১০০ মিটাৰৰ ট্ৰেক সম্পূৰ্ণ কৰিবলৈ হিমাৰ সময় লাগিল ১১.৫৮ ছেকেণ্ড ৷
তামিলনাডুৰ এইগৰাকী ২২ বছৰীয়া এতিয়া খেলজগতৰ নৱতম চাঞ্চল্য ৷
photo: google