স্পৰ্টছ ডেস্কঃ বিশ্বৰ শীর্ষ স্থানৰ ছার্বিয়ান তাৰকা ন’ভাক জ’ক’ভিচৰ শৰীৰত ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ উপস্থিতি৷ বালকানত হ’ব লগীয়া এড্রিয়া ট্যুৰ’ত ভাগ লোৱাৰ প্রস্তুতিৰ সময়তে জ’ক’ভিচৰ শৰীৰত ধৰা পৰে কভিড-১৯৷ অৱশ্যে তেওঁৰ শৰীৰত কোনো লক্ষণ দেখা পোৱা নাছিল৷
জ’ক’ভিচৰ লগতে তেওঁৰ পত্নী জেলেনাৰ শৰীৰতো এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল যদিও তেওঁলোকৰ সন্তান এই ক্ষেত্রত নিৰাপদ৷ জ’ক’ভিচকে ধৰি এইপর্যন্ত বিশ্বৰ আগশাৰীৰ চাৰিগৰাকী টেনিছ খেলুৱৈৰ শৰীৰত কভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে৷ তেওঁলোক হ’ল গ্রিগৰ ডিমিট্রভ, বর্না কৰিচ আৰু ভিক্টৰ ট্রইকি৷