গুৱাহাটীত আজি অনুষ্ঠিত হ’ব ১৩১ সংখ্যক ডুৰাণ্ড কাপ ফুটবল টুৰ্নামেন্টৰ উদ্বোধনী অনুষ্ঠান বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব। ৫ বজাৰ পৰা উৰিষ্যা আৰু নৰ্থ-ইষ্ট এফ চি মাজত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব। উল্লেখ্য যে গুৱাহাটীত মুঠ ১০ খন খেল অনুষ্ঠিত হ’ব।
এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ ১৩১ তম সংস্কৰণ মঙলবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াঙ্গনত আৰম্ভ হয়। অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। প্ৰায় ১ ঘন্টা ধৰি অনুষ্ঠিত হয় এই উদ্বোধনী অনুষ্ঠান। আনহাতে, উদ্বোধনী খেলখনত মহমেদান স্পোৰ্টিংয়ে এফ চি গোৱাক ৩-১ গ’লত পৰাস্ত কৰে।