অৱশেষত টেনিছৰ বৰ্ণিল জগতৰ পৰা বিদায় মাগিলে ফেডাৰাৰে। ১৯৯৫ চনত পেছাগত টেনিছ প্ৰতিযোগিতাত অংশ লোৱাৰে পৰা এই সুদীৰ্ঘ কাল প্ৰতি জন দৰ্শক, ক্ৰীড়ানুৰাগীক নিজৰ মায়াৰ জালত বন্দী কৰি ৰখৈ খেলুৱৈজনে কেৰিয়াৰৰ অন্তিম খেলত চিৰবৈৰী ৰাফেল নাডালৰ সৈতে যুটি বান্ধি লাভেৰ কাপৰ ডাবলছত পৰাস্ত হ’লেও জিনিবলৈ সক্ষম হয় সমগ্ৰ বিশ্বক। ৪১ বছৰীয়া খেলুৱৈ জনৰ অৱসৰত উচুপি উঠে ষ্টেডিয়ামত উপস্থিত প্ৰত্যেক জন দৰ্শকে।
নিজৰ কেৰিয়াৰত ১৫০০ খন খেলত অংশগ্ৰহণ কৰি ২০ বাৰ গ্ৰেণ্ডশ্লেমৰ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীক ইয়াৰ পূৰ্বে অন্তিমবাৰ দেখা গৈছিল ২০২১ চনৰ গ্ৰেণ্ডশ্লেমৰ কোৱাৰ্টাৰ ফাইনেলত। তাৰ পাছৰে পৰা আঠুৰ আঘাতৰ বাবে বিশ্ৰামত আছিল ফেডাৰাৰ।
প্ৰায় দুটা দশক জুৰি মুখ্য প্ৰতিদ্বন্দী আছিল ৰজাৰ ফেডাৰাৰ আৰু ৰাফেল নাডাল। পুৰুষৰ টেনিছৰ সোণালী যুগ বুলি গণ্য কৰা এই সময়ছোৱাতে দুয়োজন খেলুৱৈয়ে দখল কৰিছিল সৰ্বমুঠ ৪২টা গ্ৰেণ্ডশ্লেমৰ খিতাপ। ২৫ বছৰীয়া পেছাগত খেলুৱৈ জীৱনৰ অৱসান ঘটাই শেষবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ফেডাৰাৰে। এই খেল সমাপ্ত হোৱাৰ পাছতেই ষ্টেডিয়ামত দেখা গ’ল পুৰুষৰ টেনিছৰ ‘বিগ ফ’ৰ’ অৰ্থাৎ ফেডাৰাৰ, নাডাল, জোকোভিছ আৰু মুৰেক। চকুলোৰ মাজতেই ষ্টেডিয়ামৰ সমগ্ৰ অনুৰাগীয়ে ফেডাৰাৰক জনাই শেষ অভিবাদন।