জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত অসম জীয়ৰী চয়নিকাই ভাৰতক কৰিছিল প্ৰতিনিধিত্ব। ১৮ ৰ পৰা ২২ জুনলৈ নতুন দিল্লীত অনুষ্ঠিত ৪১ সংখ্যক ছিনিয়ৰ, 28 সংখ্যক জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত দুটাকৈ ব্ৰঞ্জ অৰ্জনেৰে অসম তথা দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ ।
দলীয় শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে মহিলাৰ এলিট স্কেটছ ৰেচ চাইক্লিং টুৰ্ণামেন্টত ব্যক্তিগত শাখাতো ব্ৰঞ্জ দখলেৰে উজলিছে চয়নিকা। খেলুৱৈগৰাকীৰ এই সাফল্যত আনন্দিত অসম চাইক্লিং সন্থা। বুধবাৰে দিছপুৰৰ পি ডব্লিউ ডি প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অসম চাইক্লিং সন্থাই আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত ব্ৰঞ্জজয়ী চয়নিকাক বিপুল সম্বৰ্ধনা জনালে সন্থাই। অসম তথা দেশৰ বাবে চয়নিকা এক গৌৰৱ বুলি অভিহিত কৰিলে অসম চাইক্লিং সন্থাৰ সভাপতি, জ্যেষ্ঠ আৰক্ষী বিষয়া হৰমিত সিঙে সন্থাৰ তৰফৰ যি সহায় সহযোগ লাগে সেইয়া পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নিজাববীয়াকৈ ৫০ হেজাৰ টকা প্ৰদানৰ কথা ঘোষণা কৰিলে সভাপতিজনে।
জুনিয়ৰ এছিয়ান ট্ৰেক চাইক্লিঙত দুটাকৈ ব্ৰঞ্জজয়ী চয়নিকা এছিয়ান গেমছৰ বাবেও বাছনি লাভ কৰিছে। এছিয়ানৰ গেমছৰ বাবে চাউথ কোৰিয়া বা জাৰ্মানীত প্ৰশিক্ষণ লাভ কৰাৰ আশা ব্যক্ত কৰিলে গহপুৰ ডুবিয়া বড়িগাঁৱৰ জীয়ৰী চয়নিকাই।
চয়নিকাৰ সাফল্যত আনন্দ প্ৰকাশ কৰি অসম চাইক্লিং সন্থাৰ সম্পাদক ড০ তপন দাসে আগন্তুক দিনত অসমৰ চাইক্লিষ্টসকলে আৰু অধিক উন্নত প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰে। লগতে অসমত নৱেম্বৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব নেচনেল ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ উপৰিও অহা ৯ আৰু ১০ জুলাইত সোণাপুৰৰ এল এন আই পি ত আয়োজিত কৰা চাইকিং টেলেন্ট হান্টৰ বিষয়ে জনালে অসম চাইক্লিং সন্থাৰ সম্পাদকগৰাকীয়ে।