প্ৰাক্তন ক্ৰিকেটাৰৰ দলে এক প্ৰীতি মেচত মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰিছে। তৃতীয় ৰাইছমোদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফীৰ সময়তে আজি পুৱা অনুষ্ঠিত আকৰ্ষণীয় প্ৰীতি মেচখনত মিডিয়া ছুপাৰ কিংছ দলে ২০ অভাৰত ৯ উইকেটত কৰে ৯৭ ৰাণ। দলৰ কিশোৰ তালুকদাৰে ৩০ আৰু বিশ্বজিৎ ডেকাই ১৩ ৰাণ কৰাৰ বাদে বাকীসকল ব্যৰ্থ হয়। বলিঙত পৰাগ দাসে ২ টা, ভাস্কৰ বৰ্মন, মুকুট কলিতা, সীমান্ত নেওগ, আৰ কে যাদৱ আৰু নন্দুলাল মাহাতুৱে এটাকৈ উইকেট দখল কৰে। ষ্ট্ৰাইক বলাৰ জাভেদ জামান আৰু নাচিৰ গুল খানে কোনো উইকেট নাপালে। প্ৰত্যূত্তৰত প্ৰাক্তন ক্ৰিকেটাৰৰ হৈ জাকাৰিয়া জুফ্ৰীৰ বিস্ফোৰক ৩৮ ( ১৯ বলত ৩ টা ছয়, ৩ টা চাৰি ) আৰু পৰাগ দাসৰ ১৫ ৰাণৰ সহায়ত দলটোৱে মাত্ৰ ১১.৩ অভাৰত জয়ৰ লক্ষ্যত উপনীত হয়। অপৰাজিত হৈ ৰোৱা চিতু দাসে ১৩ আৰু জাভেদ জামানে ৭ ৰাণৰ বৰঙণি যোগায়। উল্লেখযোগ্য যে, প্ৰাক্তন ৰঞ্জি অধিনায়ক ৰাজেশ বৰা, মুকুট কলিতাই শূন্য আৰু সঞ্জীৱ নাৰায়ণ ১ ৰাণত আঊট হয় । মিডিয়াৰ হৈ যতীন তালুকদাৰে ২ টা, ৰাজদ্বীপ দাস আৰু অমিত দাসে ১ টাকৈ উইকেট লাভ কৰে। মেন অৱ দ্য মেচ জাকাৰিয়া জুফ্ৰীক আৰু বিজয়ী সুত্ৰে প্ৰাক্তন ক্ৰিকেটাৰ দলক এপ্ৰিছিয়েচন ট্ৰফী প্ৰদান কৰে ক্ৰমে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ আৰু অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই।
ইফালে দ্বিতীয় মেচত এন ডি ২৪ দলে শ্বিলং প্ৰেছ ক্লাবক ৩১ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। এন ডি ২৪ দলে ২০ অভাৰত ৮ উইকেটত কৰে ১৪৯ ৰাণ। দলৰ ৰাজ হাজৰিকাই ৩৪, অমিত বড়োৱে ৩৩, অমিত গিৰিয়ে ২৯ আৰু বিকাশ ছেত্ৰীয়ে ২১ ৰাণ কৰে। শ্বিলং প্ৰেছ ক্লাবৰ আফজালছন মাৰউইনে ৩ টা উইকেট দখল কৰে। প্ৰত্যূত্তৰত শ্বিলঙৰ দলটোৱে যশকিৰাট সিঙৰ ৪২ ৰাণ সত্ত্বেও ১৯.৫ অভাৰত ১১৮ ৰাণতে থমকি ৰয়। বিজয়ী দলৰ বিকাশ চেত্ৰীয়ে ৪ টা আৰু ৰঞ্জিত চাংমাইয়ে ৩ টা উইকেট লাভ কৰে। মেন অৱ দ্য মেচৰ ট্ৰফী লাভ কৰে বিকাশ চেত্ৰীয়ে।