ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ বিনোদ কাম্বলীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ। দেওবাৰে বিনোদ কাম্বলীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। অভিযোগ অনুসৰি মুম্বাইৰ বান্দ্ৰাত ৫০ বৰ্ষীয় বিনোদ কাম্বলীয়ে সুৰাপান কৰি গাড়ী চলাইছিল আৰু অন্য এখন বাহনত খুন্দা মাৰিছিল। এই ঘটনাৰ পাছতে উক্ত গাড়ীখনৰ গৰাকীয়ে কাম্বলীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰে আৰু উক্ত অভিযোগৰ ভিত্তিতে মুম্বাই আৰক্ষীয়ে প্ৰাক্তন ক্ৰিকেটা গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কাম্বলীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত প্ৰাক্তন ক্ৰিকেটাৰ কাম্বলীক জামিন প্ৰদান কৰা হয়।
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বিনোদ কাম্বলীয়ে ভাৰতৰ হৈ মুঠ ১০৭ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল আৰু ২৪৭৭ ৰান সংগ্ৰহ কৰিছিল। কাম্বলীয়ে ১৭ খন টেষ্টত ৫৪ গড়ে ১০৮৪ ৰানো সংগ্ৰহ কৰিছিল য’ত চাৰিটা শতক আছিল।
যদি আমি ঘৰুৱা ক্ৰিকেটৰ কথা কওঁ, তেন্তে বিনোদ কাম্বলীৰ অভিলেখ যথেষ্ট আকৰ্ষণীয়। তেওঁ ১২৯ খন প্ৰথম শ্ৰেণীৰ মেচত ৯৯৬৫ ৰাণ সংগ্ৰহ কৰিছে, সেই সময়ত তেওঁৰ গড় আছিল ৫৯.৬৭। ঘৰুৱা ক্ৰিকেটত বিনোদ কাম্বলীৰ নামত ৩৪ টা শতক আছে। ২০০০ চনৰ ২৯ অক্টোবৰত ভাৰতৰ হৈ বিনোদ কাম্বলীয়ে অন্তিমখন খেল খেলিছিল।