অসমৰ এজন অন্যতম সফল ফুটবলাৰ হ’ল এলেন দেউৰী। অসমৰ গুৱাহাটীৰ পৰা গৈ বিশ্বৰ বিভিন্ন দেশত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰা এলেন দেউৰী আজি অৱহেলিত, এলাগী। জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ প্ৰতিটো বয়সৰ গ্ৰুপতে টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰা এলেন দেউৰীয়ে এতিয়া এটা চৰকাৰী কৰ্মসংস্থাপনৰ খুবেই জৰুৰী।
ভাৰতীয় আই লীগ (I League)ত শ্বিলং লাজং আৰু ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ত প্ৰথমে জন আব্ৰাহামৰ নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱ (NEUFC) আৰু পিছলৈ Mumbai City FCৰ হৈ খেলিছিল দেশৰ দুৰ্দান্ত ফৰৱাৰ্ডগৰাকীয়ে। সম্প্ৰতি আঘাটৰ সমস্যাৰ ভূগি থকা খেলুৱৈগৰাকী গুজৰাটৰ এটা ক্লাৱৰহৈ ভাৰতীয় আই লীগৰ বি ডিভিজনত খেলি আছে। এলেন দেউৰীক এতিয়া অতিকৈ প্ৰয়োজন এটা চৰকাৰী চাকৰিৰ।
ঘৰৰ মুৰব্বী এলেনৰ পিতৃ ৰোজ দেউৰীও সম্প্ৰতি অসুস্থ। পিতৃয়ে এখন অটো চলাই ঘৰখন চলাইছিল যদিও এটা অস্ত্ৰোপচাৰ কৰাব লগা হোৱাত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেয়ে এলেন দেউৰীক মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এক লাখ চাকৰিৰ এটা চাকৰি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৰাজ্যৰ ক্ৰীড়া সাংবাদিক, ফুটবলাৰ আৰু ৰাজ্যৰ ক্ৰীড়া প্ৰেমীয়ে।