অসমত অতিশীঘ্ৰেই হব হকী একাডেমী। অসম হকীৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই এই মন্তব্য আগবঢ়াই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ৰবিবাৰে আমনি এছ আই আৰ ডিত অনুষ্ঠিত বাৰ্ষিক সাধাৰন সভাত কেশৱ মহন্ত অসম হকীৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। আগন্তুক কাৰ্যকালৰ বাবে নগাঁৱৰ তপন কুমাৰ দাস সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ লগতে কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হয় সমুদ্ৰ বুঢ়াগোহাঞি।
আগন্তুক কাৰ্যকালৰ বাবে জেষ্ঠ উপসভাপতি কিশোৰ জয়ন্ত মাধব, উপ সভাপতি মোহন চন্দ্ৰ বৰা, অন্তৰিপা বৰা, অৰূপ কলিতা, কল্যানী ডেকা নিৰ্বাচিত হৈছে।
যুটীয়া সম্পাদক হিচাপে প্ৰেমানন্দ খনিকৰ, জিতু বৰদলৈ, প্ৰমিলা ৰংপিপি বিজয়া বৰদলৈ আৰু সহকাৰী সম্পাদক হিচাপে মৃনাল জ্যোতি চহৰীয়া, সুনিতা দহাঙ্গিয়াৰী, খুচবু শ্বাহ বৰা সঞ্জিত পাণ্ডে নিৰ্বাচিত হয়।
ছজনীয়া কাৰ্যনিবাহক হিচাপে নিৰ্বাচিত হয় ৰনেন শৰ্মা, সঞ্জীব ৰাজ, চাৰজী টেৰঙ, সঞ্জয় কৌৰ, শৰ্বানী নাথ আৰু মিনু মাই নাথ। নবনিৰ্বাচিত অসম হকীৰ সভাপতি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এইবাৰৰ কাৰ্যকালত এখন হকী একাডেমি স্থাপনৰ বাবে কাম কৰিব বুলি কয়।