বাৰ্মিংহামত ভাৰতে লাভ কৰিলে প্ৰথমটো পদক। Commonwealth Gamesৰ ভাৰত্তোলনত সংকেত মহাদেৱ সাৰ্গৰে ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰি পদক লাভৰ তালিকাত ভাৰতে সন্নিৱিষ্ট কৰিলে প্ৰথমটো পদক।
আনহাতে, অসমৰ শিৱ থাপাই বক্সিংৰ ৬৩.৫ কেজি শাখাত প্ৰথম ৰাউণ্ডত পাকিস্তানৰ প্ৰতিদ্বন্দিক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰীকোৱাৰ্টাৰত প্ৰৱেশ কৰাৰ লগতে ভাৰতীয় মিক্সড বেডমিণ্টন দলটোৱেও শ্ৰীলংকাক ৪-০ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে আৰু পাকিস্তানক ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
আজি নিশা ১২ বজাত ৰিঙত নামিব বক্সাৰ লাভলীনা বৰগোহাঁই। অলিম্পিক পদক বিজয়ী লাভলীনাই নিউজিলেণ্ডৰ আৰাইন নিকলছনৰ বিৰুদ্ধে খেলিব। নিকলছনৰ বিৰুদ্ধে জয়ী হলে কোৱাৰ্টাৰ ফাইনেলত ২০১৮ চধৰ গন্ড কষ্ট কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী ৱেলছৰ ৰজি একলেছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।