পুত্ৰ শোকত দগ্ধ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো। অলপতে যমজ সন্তানৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল ৰ’নাল্ডোৱে। কিন্তু এই যমজ সন্তানৰ ভিতৰৰ এটি সন্তানৰ মৃত্যু হয় বুলি ৰ’নাল্ডোৱে প্ৰকাশ কৰিছে। খেলপথাৰত দুৰ্দান্ত ৰূপ ধাৰণ কৰা ৰ’নাল্ডো এতিয়া শোকত ভাঙি পৰিছে। প্ৰেয়সী জৰ্জিনা ৰ’ডৰিগেজৰ ঔৰষত জন্মলোৱা যমজ সন্তানৰ এজনক হেৰুৱাই ভাঙি পৰা ৰ’নাল্ডোৱে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে সন্তাপ।
অৱশ্যে কন্যা সন্তাটি সুস্থ হৈ থকাৰ বাবে তেওঁক শক্তি দিছে বুলিও উল্লেখ কৰিছে। তেওঁ মৃত্যু হোৱা পুত্ৰ সন্তানটিক দেৱদূত আখ্যা দিছে। আনহাতে এই কঠিন সময়ত তেওঁলোকৰ লগত চিকিৎসক আৰু নাৰ্ছসকলে থিয় দিয়াৰ বাবে ৰ’নাল্ডোৱে তেওঁলোকক ধন্যবাদ জনাইছে। এই দুখৰ সময়ছোৱাত ৰ’নাল্ডোৱে তেওঁৰ পৰিয়ালৰ সৈতে অকলে থাকিব বিচাৰিছে। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা আশা কৰিছে।