দক্ষিণ কোৰিয়াৰ বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত হিজাব পৰিধান নকৰাৰ বাবেই ইৰানৰ তেহৰানত থকা গৃহ উচ্ছেদ কৰা হ’ল এজন খেলুৱৈৰ। ইৰানত মহিলা খেলুৱৈ সকলে শিৰত পৰিধান কৰিব লাগে হিজাব যি পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ কৰা হ’ল পৰ্বতাৰোহী এলনাজ ৰেকাবিৰ বাসগৃহ।
উল্লেখ্য যে, ইৰানত ৰাজহুৱা স্থানত হিজাব পৰিধান নকৰাৰ বাবেই মৰেল পুলিছিঙৰ বলি হৈ মাহচা আমিনি নামৰএগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি লৈছিল আৰু তাৰ পাছতেই উত্তাল হৈ পৰিছিল সমগ্ৰ ইৰাণ। হিজাব পৰিধান নকৰাকৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল সহস্ৰাধিক নাৰী। সেই প্ৰতিবাদৰ অংশ স্বৰূপেই এলনাজ ৰেকাবিয়ে হিজাব পৰিধান নকৰাকৈ অৱতীৰ্ণ হৈছিল দক্ষিণ কোৰিয়াত চলিত বৰ্ষত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত। এই সাহসী পদক্ষেপৰ বাবে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত সমগ্ৰ বিশ্বৰ পৰাই লাভ কৰিছিল সমৰ্থন।
কিন্তু বৰ্তমান ইৰানৰ প্ৰতিবাদী পৰিৱেশ কিছু সুস্থিৰ হোৱাৰ গইণা লৈ ইৰান চৰকাৰে উচ্ছেদ অভিযান চলালে খেলুৱৈ গৰাকীৰ বাসগৃহত। অৱশ্যে হিজাব পৰিধান নকৰা সন্দৰ্ভত আন এক ভাষ্য হে প্ৰদান কৰে খেলুৱৈ গৰাকীয়ে। খেলৰ পূৰ্বে প্ৰয়োজনীয় পোছাক পৰিধান কৰি থকাৰ ব্যস্ততাতহে হিজাব পৰিধান কৰিবলৈ পাহৰি গৈছিল বুলি মন্তব্য আগবঢ়াইছে খেলুৱৈ গৰাকীয়ে।