দেওবাৰে কাটাৰৰ আল খোৰৰ আল বায়ত ষ্টেডিয়ামত অনুষ্ঠিত ২০২২ বৰ্ষৰ ফিফা বিশ্বকাপৰ উদ্বোধনী খেলত ইকুৱেডেৰে ঘৰুৱা দল কাটাৰক ২-০ গ’লত পৰাস্ত কৰে। গ্ৰুপ-এ খেলখনত আয়োজক দলটোৱে পেনাল্টি কিকৰ জৰিয়তে বিশ্বকাপৰ আৰম্ভণিৰ গ’লটো কৰা দেখা গৈছিল।
আনহাতে, সোমবাৰে অৰ্থাৎ আজি ফুটবল বিশ্বকাপত তিনিখন খেল অনুষ্ঠিত হ’ব। গ্ৰুপ বি-ত ইংলেণ্ডে সন্ধিয়া ৬.৩০ বজাৰ পৰা ইৰাণৰ বিৰুদ্ধে খেলিব। একে সময়তে নেডাৰলেণ্ডে গ্ৰুপ-এত আফ্ৰিকান কাপ চেম্পিয়ন ছেনেগালৰ মুখামুখি হ’ব। খেলখন নিশা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব। দিনটোৰ তৃতীয় আৰু অন্তিমখন খেল পুৱা ১২.৩০ বজাৰ পৰা গ্ৰুপ-বিত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেলছৰ মাজত অনুষ্ঠিত হ’ব।