নিউজ ডেস্কঃ ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৰ এটা পোষ্টে অন্তৰ ভাঙিলে বেডমিণ্টন অনুৰাগীসকলৰ। পোষ্টটোত তাৰকাগৰাকীয়ে খেল জগতৰ পৰা অৱসৰ লোৱাৰ কথা ব্যক্ত কৰি লিখে ‘I retire ‘। এই পোষ্টটোৱে সমগ্ৰ বিশ্বৰ বেডমিণ্টন প্ৰেমীৰ অন্তৰ ভাঙি পৰিছিল। ডেনমাৰ্ক অ’পেন টুৰ্ণামেন্টখনেই তেওঁৰ কেৰিয়াৰৰ শেষ টুৰ্ণামেণ্ট বুলি প’ষ্টটোত উল্লেখ কৰিছে সিন্ধুৱে।
তেওঁ কয়, “ক’ৰোনাা ভাইৰাছৰ কবলত বিশ্বজুৰি অসংখ্য লোকৰ মৃত্যু হোৱাৰ খবৰে মনটো বহুত বেয়া কৰিছে। প্ৰতিদিনে এই খবৰে ব্যথিত কৰিছে। নিজকে অনেক প্ৰশ্ন কৰিছো। শেষত সিদ্ধান্ত লৈছো মই অৱসৰ ল’ম।”
পোষ্টটোৰ শেষত তেওঁ কয়, “পৰৱৰ্তী প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী উপহাৰ দিবলৈ আমি সকলোৱে এই ভাইৰাছৰ বিৰুদ্ধে আৰু সচেতন হ’ব লাগিব। পিছে এই কৰোণাৰ বাবে ডেনমাৰ্কত লকডাউনৰ হৈ থকাৰ বাবে টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিব পৰা নাই যদিও মই কিন্তু মোৰ অনুশীলন অব্যাহত ৰাখিছো।আপোনালোকেও এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখক আৰু অধিক সচেতন হওঁক।’’
— Pvsindhu (@Pvsindhu1) November 2, 2020