নিউজ ডেস্কঃ শশাংক মনোহৰৰ পদত্যাগৰ পিছতেই আইচিচি সভাপতিৰ পদৰ বাবে নাম বাচনি হৈছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেট কেপ্টেইন সৌৰভ গাংগুলীৰ৷ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ গ্ৰেম স্মিথেও সৌৰভ গাংগুলীক সমৰ্থন কৰিছে৷
আনহাতে সৌৰভ গাংগুলীয়ে এতিয়াই আইচিচিৰ সভাপতি পদত আসীন হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিছে৷ কিয়নো বিচিচিআইৰ নিয়ম অনুসৰি এজন ব্যক্তি দুটা পদত অধিষ্ঠিত হ’ব পাৰে যদিও আইচিচিত তেনে নিয়ম নাই৷ ফলত তেওঁ আইচিচিৰ সভাপতি হ’বলৈ হ’লে বিচিচিআইৰ পদ এৰিব লাগিব৷
এই মুহূৰ্ততে তেওঁৰ দেশৰ এই সন্মানীয় পদটো এৰিবলৈ মন নাই৷ তাৰোপৰি তেওঁৰ বয়স কম বাবেও আইচিচিৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ এটাত অধিষ্ঠিত হ’বলৈ ইচ্ছুক নহয় বুলি প্ৰকাশ কৰিছে বেংগল টাইগাৰ জনে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট