ভাৰতে চেন্নাইত ৪৪ সংখ্যক বিশ্ব দবা অলিম্পিয়াড ২০২২ ৰ আয়োজন কৰিব । এই কথা অল ইণ্ডিয়া চেছ ফেডাৰেশ্যনে ঘোষণা কৰিছে ৷ FAIC ৰ কাৰ্যালয়ৰ টুইটাৰযোগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে এই কথা ৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অব্যাহত ৰখা যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ফেডাৰেশ্যনে ৷ অৰ্থাৎ দেশৰ ক্ৰীড়াজগততো পৰিছে ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰভাৱ ৷
উল্লেখ্য যে,এই বছৰত ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া সকলো প্ৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাৰ পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে ফেডাৰেশ্যনে ৷ ফেডাৰেশ্যনৰ এনে কঠোৰ সিদ্ধান্তৰ পিছতেই ভাৰতে এই মেগা ইভেণ্টটো নিজৰ দেশত অনুষ্ঠিত কৰাত আগ্ৰহ প্ৰকাশ কৰে ৷ এই বছৰৰ বিশ্ব দবা অলিম্পিয়াডৰ খেলসমূহ ২৬ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ ইয়াৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে প্ৰথম দবা অলিম্পিয়াড আৰু ৯৩ সংখ্যক FIDE Congress শীৰ্ষক ইভেণ্টো প্ৰথমে ৰাছিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত সেয়া প্ৰত্যাহাৰ কৰা হৈছে ৷
ইফালে, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে এই খবৰ লাভ কৰি আনন্দিত হৈ ইয়াক গৌৰৱৰ মূহুৰ্ত বুলি অভিহিত কৰে ৷ “এয়া সুখৰ বিষয় যে, দেশৰ দবা খেলৰ ৰাজধানী হিচাপে পৰিচিত চেন্নাইয়ে এইবেলি ৪৪ সংখ্যক বিশ্ব দবা অলিম্পিয়াডৰ দৰে প্ৰতিযোগিতা আয়োজন কৰিবলৈ সাজু হৈছে ৷ ইপিনে তামিলনাডুৰ বাবে এয়া গৌৰৱৰ মূহুৰ্ত ! চেন্নাইয়ে সমগ্ৰ বিশ্ব দবাৰ সকলো ৰজা-ৰাণীক উষ্ম আদৰণি জনাইছে” বুলি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে টুইট কৰিছে ৷