আজি মহাসপ্তমী পূজা। পূজাৰ মণ্ডপে মণ্ডপে তথা শক্তিপীঠ, দেৱালয় আদিত দেৱীক আৰাধনা কৰা হৈছে। পূজাৰ মাজতে আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ।
আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ক্ৰিকেট মেচ। প্ৰিয় খেলুৱৈসকলক চাবলৈ সাজু হৈছে অনুৰাগী। দুৰ্গা পূজা আৰু ক্ৰিকেট মেচৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। পূজাৰ লগতে ক্ৰিকেট মেচখনত কোনো অসুবিধা নোহোৱাকৈ ভালদৰে অনুষ্ঠিত কৰিবৰ বাবে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা। ষ্টেডিয়ামৰ পৰা ২ কিলোমিটাৰ দূৰত্বত দৰ্শকে ৰাখিব পাৰিব নিজৰ বাহন সমূহ।
আনহাতে, সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম। সাজু হৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল। সন্ধিয়া খেল উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শক। পূজাৰ মাজতে খেল অনুষ্ঠিত কৰিবৰ বাবেও সম্পূৰ্ণ সাজু অসম চৰকাৰ, প্ৰশাসন আৰু অসম ক্ৰিকেট সন্থা।