ৱাৰ্মিংহামত অনুষ্ঠিত হৈ থকা Commonwealth Gamesৰ আজি অন্তিম দিনটোত বেডমিণ্টনত তাৰকা শ্বাটলাৰ পি ভি সিন্ধুয়ে লাভ কৰিলে স্বৰ্ণ পদক।
ফাইনেল মেচখনত সিন্ধুয়ে ২১-১৫ আৰু ২১-১৩ পোনপটীয়া ছেটত কানাডাৰ মেচেলী লীক হৰুৱাই এই সফলতা লাভ কৰিছে। উল্লেখ্য যে, সিন্ধুয়ে ২০১৪ আৰু ২০১৮ চনৰ অলিম্পিকতো ক্ৰমে ব্ৰঞ্জ আৰু ৰুপৰ পদক জয় কৰিছিল।