গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়ৰ খেলপথাৰত দ্বিতীয়বাৰৰ বাবে ২ অক্টোবৰৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত হৈছিল আন্তঃ মহাবিদ্যালয় টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। কিন্তু ২ অক্টোবৰৰ পাছত বৰষুণে বিধি পথালি দিয়া বাবে ৩ আৰু ৪ অক্টোবৰৰ খেলসমূহ ১৯ আৰু ২০ অক্টোবৰলৈ স্থগিত ৰখা হৈছিল। আনহাতে ২ অক্টোবৰৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ প্রনৱজ্যোতি বৈশ্য, উপাধ্যক্ষা অধ্যাপক ডাঃ য়ানবেনী হামছৈ, শালক্য তন্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক তথা খেল বিভাগৰ তত্বাৱধায়ক অধ্যাপক ডাঃ জ্যোতিৰ্ময় শৰ্মা, প্ৰসূতি তন্ত্ৰ আৰু স্ত্ৰী ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ দীপক কুমাৰ গোস্বামী, শল্য তন্ত্ৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ বিনোদ কলিতা আৰু শালক্য তন্ত্ৰ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ অলকেশ মজুমদাৰ। তেনেদৰে প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় – বিশ্ববিদ্যালয়ৰ মুঠ ২২ টা দলে অংশগ্ৰহণ কৰে।
ৰবিবাৰে বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয় আৰু গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত হয়। ৮ অভাৰৰ অন্তিম খেলখনত অসম ডাউন টাউন বিশ্ববিদ্যালয়ে ১২ ৰানৰ ব্যৱধানত ভট্টদেৱ বিশ্ববিদ্যালয়ক পৰাজিত কৰি বিজয়ী হয়। চুড়ান্ত খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী দলক নগদ ২৫ হেজাৰ টকা আৰু মানপত্ৰ, ৰানাৰ্ছ আপ দলক নগদ ১৫ হেজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰা হয়। চুড়ান্ত খেলত মেন অৱ দা মেটছৰ সন্মান লাভ কৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ আদিত্য বৰাই, মেন অৱ দা ছিৰিজ লাভ কৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ওম প্ৰকাশ মহন্তই, শ্ৰেষ্ঠ বেটছমেনৰ সন্মান লাভ কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আকাশ জ্যোতিয়ে আৰু শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ওম প্ৰকাশ মহন্তই।