IPLৰ ১৪সংখ্যক ছীজনৰ বাবে চেন্নাইত ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মিনি অকচনত ২৯২জন খেলুৱৈ নামিব।
এই মিনি অকচনৰ বাবে ১১১৪ খেলুৱৈয়ে নিজৰ নাম ৰেজিষ্টাৰ কৰিছিল।
৮ ফ্ৰেঞ্চাইজীৰ শ্বৰ্টলিষ্ট খেলুৱৈৰ তালিকা জমা কৰাৰ পিছত ২৯২ গৰাকী খেলুৱৈৰ অন্তিমখন তালিকা প্ৰস্তুত কৰা হৈছে, যিসকল মিনি অকচনত নামিব।
BCCIয়ে বৃহস্পতিবাৰে নিশা ইয়াৰ বিষয়ে জনাই কয় যে নিলামীত ২ কোটি টকাৰ মেক্সিমাম বেছ প্ৰাইছ ৰখা হৈছে, য’ত দুই ভাৰতীয় খেলুৱৈ হৰভজন সিং আৰু কেদাৰ যাদৱ আৰু ৮জন বিদেশী খেলুৱৈ গ্লেন মেক্সবেল, ষ্টীভ স্মিথ, শ্বাকিব অল হাছান, মোইন আলী, ছেম বিলিংছ, লিয়াম প্লানকেট, জেছন ৰায় আৰু মাৰ্ক বুড অন্তৰ্ভুক্ত।
নিলামীৰ বাবে ১২ গৰাকী খেলুৱৈক ডেৰ কোটি টকাৰ বেছ প্ৰাইছত ৰখা হৈছে, আনহাতে ১ কোটি টকাৰ বেছ প্ৰাইছত ১১ খেলুৱৈৰ ভিতৰত ২ ভাৰতীয় হনুমা বিহাৰী আৰু উমেশ যাদৱ অন্তৰ্ভুক্ত।
৭৫ লাখ টকাৰ বেছ প্ৰাইছত ১৫ গৰাকী খেলুৱৈ আছে আৰু ইয়াৰ আটাইকেইজনে বিদেশী।
৫০ লাখ টকাৰ বেছ প্ৰাইছত ৬৫ গৰাকী খেলুৱৈ, ইয়াৰে ১৩ গৰাকী ভাৰতীয় আৰু ৫২ গৰাকী বিদেশী অন্তৰ্ভুক্ত।
নিলামীত ১৬৪ গৰাকী ভাৰতীয় খেলুৱৈ, ১২৫ গৰাকী বিদেশী খেলুৱৈ আৰু ৩জন খেলুৱৈ এছ’ছিয়েট দেশ হ’ব।
অষ্ট্ৰেলিয়াৰ বেটছমেন শ্বন মাৰ্ছ, নিউজীলেণ্ডৰ অলৰাউণ্ডাৰ কোৰি এণ্ডাৰছন আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন দ্ৰুত বলাৰ মৰ্নি মৰ্কেলক শ্বৰ্টলিষ্ট কৰা ১৭ গৰাকী খেলুৱৈৰ তালিকাত স্থান দিয়া হৈছে।
আশ্চৰ্যজনকভাৱে, ভাৰতীয় দলৰ প্ৰাক্তন দ্ৰুত বলাৰ এছ শ্ৰীশ্বন্তক (৩৮) খেলুৱৈৰ নিলাম তালিকাত স্থান দিয়া হোৱা নাই।
শ্ৰীশ্বন্তে নিলামৰ বাবে নিজেই পঞ্জীয়ন কৰিছিল আৰু তেওঁৰ আধাৰ মূল্য ৭৫ লাখ টকা ৰাখিছিল।
২০১৩ চনত স্পট ফিক্সিঙত সাঙোৰ খোৱা বাবে বিচিচিআইয়ে শ্ৰীশ্বন্তৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছিল।
অৱশ্যে, উচ্চতম ন্যায়ালয়ে পিছত তেওঁৰ ওপৰত থকা আজীৱন নিষেধাজ্ঞা বাতিল কৰে।
উল্লেখ্য যে আই পি এলৰ পৰৱৰ্তী সংস্কৰণৰ বাবে ৮ টা ফ্ৰেঞ্চাইজিৰ হাতত মুঠ ৬১টা শ্লট খালী আছে।
এই ৬১টা স্থানত ২২জন বিদেশী খেলুৱৈৰ স্থানো খালী আছে।
১০৯৭ গৰাকী পঞ্জীভুক্ত খেলুৱৈৰ ভিতৰৰ পৰা ২৯২ গৰাকী খেলুৱৈক শ্বৰ্টলিষ্ট কৰে য’ত আছে ভাৰতৰ ১৬৪ জন আৰু আন দেশৰ ১২৮ জন খেলুৱৈ।
ইফালে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটকীপাৰ ছৈয়দ কিৰমাণীৰ ৩১ বছৰীয়া পুত্ৰকো এই তালিকাত স্থান দিয়া হৈছে
Photo: Google