ভাৰতীয় ক্ৰিকেটৰ এখন চিনাকি মুখ অসমৰ ৰিয়ান পৰাগ। অনূৰ্ধ্ব-১৯ ভাৰতীয় দলৰ হৈ দেশক প্ৰতিনিধিত্ব কৰা ৰিয়ানে জাতীয় দলত স্থান লাভ কৰিব পৰা নাই যদিও ভাৰতীয় ক্ৰিকেটত এক বিশেষ পৰিচয় গঢ়িবলৈ সক্ষম হৈছে।
আই পি এলৰ ৰাজস্থান ৰয়েলছ দলৰ হৈ ইতিমধ্যে ৰিয়ানে আই পি এলৰ কেইবাটাও ছিজনত অংশগ্ৰহণ কৰিছে আৰু নিজৰ দক্ষতাৰে ক্ৰিকেট বিশেষজ্ঞৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ৰিয়ানক ২০২২ বৰ্ষৰ বাবেও ৰাজস্থানে চুক্তিবদ্ধ কৰিলে।
শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা IPLৰ মেগা নিলামত ৰাজস্থান ৰয়েলছ দলে ৩০ লাখ টকাৰ মূল্যৰ ৰিয়ানক ক্ৰয় কৰিলে ৩ কোটি ৮০ লাখ টকাত। ইয়াৰ পৰাই প্ৰমাণ হ’ল ৰাজস্থানে ৰিয়ানক কিমান বিশ্বাস কৰে। মেগা নিলামৰ সময়ছোৱাত ৰিয়ানক নিজ দলত পাবলৈ কেইবাটাও ফ্ৰেঞ্চাইজিয়ে ইচ্ছা প্ৰকাশ কৰিছিল যদিও ৰাজস্থান ৰয়েলছ আৰু IPLৰ নৱতম ফ্ৰেঞ্চাইজি গুজৰাট লায়ন্সৰ মাজত টনাটনিৰ সৃষ্টি হৈছিল।
ইতিমধ্যে ৩ টাকৈ চিজন IPL খেলা ৰিয়ান চৰ্চিত হোৱাৰ সমানে বৰ্তমানলৈকে প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা নাই যদিও ক্ৰিকেট বিশেষজ্ঞসকলে ৰিয়ানৰ প্ৰতিভা যে আছে সেই কথাক স্বীকাৰ কৰি আহিছে। সেয়ে হয়তো ৰাজস্থান ৰয়েলছ দলে ৰিয়ানৰ অত্যাধিক ব্যৰ্থতা স্বত্বেও পুনৰ ৩ কোটি ৮০ লাখ টকা ব্যয় কৰিছে।
ৰেকৰ্ডে ৰিয়ানৰ প্ৰদৰ্শন সন্দৰ্ভত বহু কথাই কয় যদিও ৰাজস্তান ৰয়েলছে ৰিয়ানক সদায়েই সুযোগ দি আহিছে। এই সুযোগ অৱশ্যে ৰিয়ানে সঠিক ভাৱে গ্ৰহণ কৰিব পৰা নাই বুলিও বহুজনে কব খোজে। বিগত বছৰৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আই পি এলত ৰিয়ানৰ গুৰুত্ব কিমান হ’ব সেই বিষয়েও প্ৰশ্নৰ উদয় হৈছিল যদিও সম্ভাৱনা থকা ৰিয়ানক ৰাজস্থানে আন এক সুযোগ প্ৰদান কৰিলে।
আনহাতে, শনিবাৰ অনুষ্ঠিত হোৱা IPLৰ মেগা নিলামত বহু তাৰকা ক্ৰিকেটাৰক ক্ৰয় কৰাৰ ক্ষেত্ৰত ফ্ৰেঞ্চাইজি বোৰে ক্ৰয় কৰাৰ ক্ষেত্ৰত অনিহা প্ৰদৰ্শন কৰাৰ বিপৰীতে উদীয়মান বহু ক্ৰিকেটাৰৰ বাবে ব্যয় কৰিলে কোটি কোটি টকা। এই ক্ৰিকেটাৰসকলৰ ভিতৰত আছে শেহতীয়াকৈ ৱেষ্ট ইণ্ডিৰ বিৰুদ্ধে উজলি উঠা নৱাগত ক্ৰিকেটাৰ প্ৰসিদ্ধ কৃষ্ণ।
IPLৰ ৰাজস্থান ৰয়েলছ দলে প্ৰসিদ্ধ কৃষ্ণক ক্ৰয় কৰিলে ১০ কোটি টকাত। বিগত ছিজনত প্ৰসিদ্ধ আছিল কলকাতা নাইটৰাইডাৰ্ছ দলত। সেইবাৰ তেওঁৰ প্ৰদৰ্শন আছিল অতি উন্নত। আনহাতে প্ৰসিদ্ধৰ পিছতে লকি ফাৰ্গুচনকো ১০ কোটি টকা দিলে গুজৰাট টাইটানছে।
ভাৰতীয় দলৰ আন এগৰাকী ক্ৰিকেটাৰ চাৰ্দুল ঠাকুৰে লাভ কৰিলে ১০.৭৫ কোটি টকা। তেওঁক দিল্লী কেপিটেলছে ক্ৰয় কৰিছে। আন এগৰাকী তৰুণ ক্ৰিকেটাৰ ৰাহুল ছাহাৰে লাভ কৰিলে ৫ কোটি ২৫ লাখ টকা। আনহাতে কুলদীপ যাদৱক দিল্লী কেপিটেলছে দিলে ২ কোটি টকা।
পাঞ্জাৱ কিংছে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে মুঠ ৫ গৰাকী ক্ৰিকেটাৰ। ইয়াৰ ভিতৰত শিখৰ ধাৱানক ৮.৫ কোটি, কাগিচো ৰাবাডাক ৯.২৫ কোটি, জনি বেয়াৰস্টোক ৬.৭৫ কোটি, ৰাহুল চাহাৰক ৫.২৫ কোটি, শ্বাহৰুখ খানক ৯ কোটি টকাত ক্ৰয় কৰিছে।
ছানৰাইজাৰ্ছ হায়দৰাবাদ এতিয়ালৈকে নিলামত ৱাশ্বিংটন সুন্দৰক ৮.য়৭৫ কোটি, নিকোলাছ পুৰাণক ১০.৭৫ কোটি, নটৰাজন ৪ কোটি, ভুৱনেশ্বৰ কুমাৰক ৪.২০ কোটি, প্ৰিয়ম গাৰ্গক ২৫ লাখ, ৰাহুল ত্ৰিপাঠীক ৮.৫০ কোটি আৰু অভিষেক শৰ্মাক ৬.৫০ কোটি টকাত ক্ৰয় কৰিছে।
মুম্বাই ইণ্ডিয়ানছে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে ঈশান কিষাণ (১৫.২৫ কোটি), দেৱোল্ড ব্ৰাভিছক (৩ কোটি)। আনহাতে দলটোৱে ৰিটেইন কৰা খেলুৱৈ ক্ৰমে ৰোহিত শৰ্মা (১৬ কোটি), যশপ্ৰীত বুমৰাহ (১২ কোটি), সূৰ্য কুমাৰ যাদৱ (৮ কোটি) আৰু কিৰন প’লাৰ্ড (৬ কোটি)।
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰোয়ে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে ফাফ ডু প্লেচিছ (৭ কোটি), হৰ্ষল পেটেল (১০.৭৫ কোটি), ৱানিন্দু হাচাৰাঙ্গা (১০.৭৫ কোটি), দিনেশ কাৰ্তিক (৫.৫০ কোটি), জছ হেজলউড (৭.৭৫ কোটি), শ্বেহবাজ আহমেদ (২.৪০ কোটি)। আনহাতে দলটোৰ ৰিটেইনাৰ খেলুৱৈ বিৰাট কোহলী (১৫ কোটি), গ্লেন মেক্সৱেল (১১ কোটি) আৰু মহম্মদ চিৰাজ (৭ কোটি)।
গুজৰাট টাইটানছে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে মহম্মদ ছামী (৬.২৫ কোটি), জেচন ৰয় (২ কোটি), লকি ফাৰ্গুচন (১০ কোটি), অভিনৱ সদ্ৰঙ্গানি ২.৬০ কোটি), ৰাহুল তেৱাটিয়া (৯ কোটি)। আনহাতে দলটোৱে ইতিমধ্যে চুক্তিবদ্ধ কৰিছে হাৰ্দিক পাণ্ডিয়া (১৫ কোটি), ৰছিদ খান (১৫ কোটি) আৰু শুভমান গিল (৮ কোটি)।
চেন্নাই চুপাৰ কিংছে এতিয়ালৈকে নিলামত ক্ৰয় কৰিছে ৰবীন উথাপ্পা (২ কোটি), ব্ৰাভো (৪.৪০ কোটি), অম্বাতি ৰায়াডু (৫.৭৫ কোটি), দীপক চাহাৰ (১৪ কোটি)। আনহাতে দলটোৱে ৰিটেইন কৰিছে ৰবীন্দ্ৰ জাদেজা (১৬ কোটি), এম এছ ধোনী (১২ কোটি), মইন আলী (৮ কোটি) আৰু ৰিতুৰাজ গায়কৱাড় (৬ কোটি)।
ৰাজস্থান ৰয়েলছে এতিয়ালৈকে নিলামত ক্ৰয় কৰিছে আৰ অশ্বিন (5 কোটি), ট্ৰেণ্ট ব’ল্ট (8 কোটি), চিমৰন হেটমায়াৰ (৮.৫০ কোটি), দেৱদত্ত পডিক্কাল (৭.৭৫ কোটি), প্ৰসিদ্ধ কৃষ্ণ (১০ কোটি), যুজবেন্দ্ৰ চাহাল (৬.৫০ কোটি), শিমৰন হেটমায়াৰ (২৫ লাখ) আৰু ৰিয়ান পৰাগ (৩.৮০ কোটি)। দলটোৱে ৰিটেইন কৰিছে সঞ্জু চেমছন (১৪ কোটি), জছ বাটলাৰ (১০ কোটি), যশস্বি জয়ছোৱাল (৪ কোটি)।
লক্ষ্ণৌ চুপাৰজায়ান্টচে এতিয়ালৈকে নিলামত ক্ৰয় কৰিছে কুইন্টন ডিকক (৬.৭৫ কোটি), মনীষ পাণ্ডে (৪.৬০ কোটি), জেচন হোল্ডাৰ (৮.৭৫ কোটি), দীপক হুডা (৫.৭৫ কোটি), ক্ৰুণাল পাণ্ডিয়া (৮.২৫কোটি), মাৰ্ক উড (৭.৫০কোটি)। আনহাতে দলটোৱে ইতিমধ্যে চুক্তিবদ্ধ কৰিছে কে এল ৰাহুল (১৭ কোটি), মাৰ্কাছ ষ্টইনিছ (১১ কোটি) আৰু ৰবি বিষ্ণইক (৪ কোটি)।
দিল্লী কেপিটেলছে নিলামত এতিয়ালৈকে ক্ৰয় কৰিছে ডেভিড ৱাৰ্ণাৰ (৬.২৫কোটি), মিচেল মাৰ্শ (৬.৫০কোটি), চাৰ্দুল ঠাকুৰ (১০.৭৫ কোটি), মুস্তাফিজুৰ ৰহমান (২কোটি), কুলদীপ যাদৱ (২ কোটি), কমলেশ নগৰকোটি (১.১০ কোটি)। আনহাতে দলটোৰ ৰিটেইনাৰ খেলুৱৈ ঋষভ পন্ত (১৬ কোটি), অক্ষৰ পেটেল (১২ কোটি), পৃথ্বী শ্ব(৮ কোটি) আৰু এনৰিক নৰটিয়া (৬ কোটি)।