সমাগত IPL! পূৰ্বৰ তুলনাত এইবাৰ দুটা নতুন দলে আত্মপ্ৰকাশ কৰাৰ কথা। লক্ষ্ণৌ আৰু আহমেদাবাদ নামেৰে গঠন হ’ব দুটা দল। তাৰ মাজতে এটা ভাল খবৰ।আহমেদাবাদ ফ্ৰেঞ্চাইজীৰ IPLত যোগদান। সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা অনুমোদন লাভ কৰে আহমেদাবাদৰ মালিকানাধীন চিভিচি কেপিটেলে। অনুমোদন লাভৰ পাছতে দল গঠনৰ কাম আৰম্ভ কৰিছে আহমেদাবাদ ফ্ৰেঞ্চাইজীয়ে। দল গঠনৰ মাজতে হাৰ্দিক পাণ্ডিয়া আহমেদাবাদ দলৰ অধিনায়ক হ’ব বুলি খবৰ ওলাইছে। মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা হাৰ্দিকে এইবাৰ নতুন দলৰ দায়িত্ব লাভ কৰিব বুলি জানিবলৈ পোৱা গৈছে।
এই কথা পোহৰলৈ অহাৰ পাছতে হাৰ্দিকৰ গৃহ ৰাজ্যত অন্তহীন উছাহৰ ঢল বোৱা দেখা গৈছে। অৱশ্যে, অধিনায়ক হিচাপে শ্ৰেয়াছ আয়াৰে মেনেজমেণ্টৰ প্ৰথম পছন্দ আছিল। হঠাতে শ্ৰেয়াছৰ পৰিৱৰ্তে হাৰ্দিক পাণ্ডিয়াৰ নামে চৰ্চা লাভ কৰিছে। দলীয় কৰ্তৃপক্ষৰ মাজতো হাৰ্দিকৰ জনপ্ৰিয়তা সৰ্বাধিক বুলি শুনিবলৈ পোৱা গৈছে। কেৱল সেয়াই নহয়, মুম্বাইৰ আন এজন ক্ৰিকেটাৰ ঈশান কিষাণেও আহমেদাবাদত যোগদান কৰাৰ সম্ভাৱনা আছে।