IPLত প্ৰৱেশ ক’ৰোনাৰ। দিল্লীৰ কেপিটেলছৰ এগৰাকী ফিজিঅ’ থেৰাপিষ্ট ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতে আন এজন বিদেশী খেলুৱৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰিছে। প্ৰথমে দলটোৰ ফিজিঅ’ পেট্ৰিক ফাৰহাৰ্ট ক’ৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতে দলটোৰ এগৰাকী বিদেশী খেলুৱৈৰ দেহত ক’ৰোনাৰ অৱস্থিতি নিশ্চিত কৰা হৈছে।
দিল্লী কেপিটেলছৰ প্ৰতিগৰাকী খেলুৱৈকে বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে। প্ৰতিজন খেলুৱৈ নিজা নিজা কোঠাত আৱদ্ধ হৈ আছে। দুদিন পিছত তেওঁলোকৰ ক’ৰোনা পৰীক্ষা কৰাৰ পিছতহে পৰৱৰ্তী খেলৰ বাবে ৰাওনা হ’ব। বৰ্তমান দলটোৰ পুনেৰ ভ্ৰমণ স্থগিত ৰখা হৈছে।
উল্লেখ্য যে দিল্লী কেপিটেলছৰ পৰৱৰ্তী মেচ আছিল পঞ্জাৱ কিংছৰ বিৰুদ্ধে। ২০ এপ্ৰিলত পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল উক্ত মেচখন। কিন্তু দলটোৰ সদস্যৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাত এতিয়া অনিশ্চয়তাত সেই মেচখন। অৱশ্যে সূত্ৰ অনুসৰি দুদিন পিছত ক’ৰোনাৰ পৰীক্ষা কৰাৰ পিছত যিসকলৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা নপৰে তেওঁলোকক পুনেলৈ প্ৰেৰণ কৰা হ’ব।