নিউজ ডেস্কঃ ইংলেণ্ড দলৰ তীব্ৰবেগী বলাৰ আৰু বৰ্তমানৰ ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈ জ’ফ্ৰা আৰ্চাৰে আজি দিল্লী কেপিটেলছৰ বিৰুদ্ধে প্ৰথমটো উইকেট ইনিংছৰ প্ৰথমটো বলতে দখল কৰি অসমৰ বিহু নৃত্যৰে এই উইকেটৰ আনন্দ উদযাপন কৰে ৷
উল্লেখ্য যে চান ৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে বিজয়ী ৬ কোবোৱাৰ পিছত ৰিয়ান পৰাগে বিহু নৃত্যৰে এই বিজয় উদযাপন কৰিছিল ।
তাৰ পিছতে দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিল অসমৰ বিহু নৃত্য ।