IPLৰ মেগা নিলামত বিক্ৰী নোহোৱাকৈ ৰৈ গ’ল সুৰেশ ৰাইনা। আইপিএলত এইবাৰ সম্পূৰ্ণ নতুন ৰূপত অনুৰাগীয়ে প্ৰিয় তাৰকাগৰাকীক দেখিবলৈ পাব। ধাৰাভাষ্যকাৰ হিচাপে এইবাৰৰ IPLত অভিষেক ঘটিব পাৰে তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ। কেৱল ৰাইনাই নহয় কমেণ্ট্ৰী ব’ক্সলৈ প্ৰত্যাৱৰ্তন ঘটিব পাৰে ৰবি শাস্ত্ৰীৰো। বিগত বৰ্ষৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰীয় দলৰ মুখ্য প্ৰশিক্ষকৰ পদ ত্যাগ কৰাৰ পাছত পুনৰ বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে শাস্ত্ৰীক।
তথ্য অনুসৰি, সুৰেশ ৰাইনাই খেল সম্প্ৰচাৰকাৰী ষ্টাৰ স্পৰ্টছৰ হৈ কমেণ্ট্ৰী কৰিব। খেল চলি থকাৰ সময়ত নিজৰ মত ব্যক্ত কৰিব তাৰকা ক্ৰিকেটাৰজনে।
উল্লেখ্য যে, এসময়ত IPLত সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল সুৰেশ ৰাইনা। এটা শতক, ৩৯টা অৰ্ধশতকসহ ৰাইনাই ৫,৫২৮ ৰান সংগ্ৰহ কৰিছে IPLত। চেন্নাই ছুপাৰ কিংছৰ জাৰ্ছীত ৪বাৰ চেম্পিয়ন দলটোৰ উপ-অধিনায়কো আছিল ৰাইনা। ধোনীৰ অনুপস্থিতিত ইয়ল্ল’ব্ৰিগেডক নেতৃত্বও দিছিল ৰাইনাই।
২০১৬ আৰু ২০১৭ চনত গুজৰাট লায়ন্স ফ্ৰেঞ্চাইজীকো নেতৃত্ব দিছিল সুৰেশে। ইফালে, সম্পূৰ্ণ ৫ বছৰৰ অন্তত কমেণ্ট্ৰী বক্সত দেখিবলৈ পোৱা যাব ৰবি শাস্ত্ৰীক। ২০১৭ চনৰ জুলাই মাহত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰিছিল শাস্ত্ৰীয়ে। ধাৰাভাষ্যকাৰ হিচাপে শাস্ত্ৰী সুপৰিচিত। দুটা দশকৰ অভিজ্ঞতাও আছে শাস্ত্ৰীৰ। ইংৰাজী ভাষ্যকাৰ হিচাপে পৰিচিতি থাকিলেও এইবাৰ হিন্দী ভাষাতে কমেণ্ট্ৰী কৰিব তেওঁ। উল্লেখ্য যে, ২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব IPLৰ মেগা ইভেণ্ট।