ইতিহাস গঢ়িলে যশপ্ৰীত বুমৰাহে। টেষ্ট ক্ৰিকেটত এটা অভাৰত ব্ৰিয়ান লাৰাই সৰ্বাধিক ২৮ ৰাণ সংগ্ৰহ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বাওঁহতীয়া স্পীনাৰ ৰবিন পিটাৰচনক সেইদিনা সৰিয়হ ফুল দেখুৱাইছিল ব্ৰিয়ান লাৰাই। ২০০৩-০৪ বৰ্ষত অনুষ্ঠিত ৱেষ্ট ইণ্ডিছ-দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট খনত এটা অভাৰত চাৰিটা দুই আৰু দুটা ছয় কোবাই সংগ্ৰহ কৰিছিল ২৮ ৰাণ।
কিন্তু আজি অৰ্থাৎ শনিবাৰৰ দিনটো যেন আছিল বুমৰাহৰ। বলেৰে নহয় বেটেৰে চমক দেখুৱালে বুমৰাহে। এটা অভাৰত সংগ্ৰহ কৰিলে ২৯ ৰাণ। বুমৰাহে অভাৰৰ প্ৰথম বলটোত এটা বাউণ্ডেৰী মাৰিছিল। দ্বিতীয় বলটো ৱাইড, এটা বাউণ্ডেৰীৰ সৈতে। তাৰ পিছত ডেলিভাৰীটো নো-বল হয়। বুমৰাহে সেই বলটো এটা ছয় মাৰিলে। পৰৱৰ্তী ৩ টা বলত (দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ) বুমৰাহে একেৰাহে ৩ টা বাউণ্ডেৰী মাৰিছিল। বুমৰাহে অভাৰৰ পঞ্চম বলত আৰু এটা ছয় মাৰিলে। শেষৰ বলটোত এক ৰাণ লয়। বুমৰাহে ভাৰতীয় ইনিংছৰ ৮৪ তম অভাৰত প্ৰৱেশ কৰিছিল।
ব্ৰডৰ সেই অভাৰত মুঠ ৩৫ ৰাণ সংগ্ৰহ কৰিছিল। যশপ্ৰীত বুমৰাহে আজি ব্ৰায়ান লাৰা, জৰ্জ বেইলী আৰু কেশৱ মহাৰাজৰ অভিলেখ ভংগ কৰে।