ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে বিশ্ৰাম দিয়াৰ পাছতে আন কামত ব্যস্ত হৈ পৰিছে বিৰাট কোহলী। সম্প্ৰতি বিজ্ঞাপনৰ শ্বুটিঙত ব্যস্ত কোহলী। অভিনেত্ৰী তথা পত্নী অনুষ্কা শৰ্মাৰ সৈতে দৃশ্যগ্ৰহণ কৰিছে বিৰাট কোহলীয়ে।
শেহতীয়াকৈ, বিৰুষ্কাৰ ছবি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। মুম্বাইৰ মেহবুব ষ্টুডিঅ’ত দুয়োকে দেখা গৈছে ভাৰতীয় পোছাকত। কোহলীৰ মূৰত আছে পাগুৰী। অৱশ্যে, তেওঁলোকে কি বিজ্ঞাপনৰ বাবে দৃশ্যগ্ৰহণ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বিৰুষ্কাক বহুবাৰ বিজ্ঞাপনৰ দৃশ্যগ্ৰহণত একেলগে দেখিবলৈ পোৱা গৈছেল। দুয়োকে পুনৰ একেলগে দেখাৰ পাছত উচ্ছসিত হৈ পৰিছে অনুৰাগী।
মন কৰিবলগীয়া যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ খেলৰ আগতে কোহলীয়ে ব’ৰ্ডৰ পৰা বিশ্ৰাম বিচাৰিছিল। তেওঁক ১০ দিনৰ বিশ্ৰাম দিয়া হৈছে। টি-২০ শৃংখলাৰ পিছত, কোহলীয়ে টেষ্ট শৃংখলাৰ আগতে দলটোত যোগদান কৰিব। শ্ৰীলংকাৰ বিৰুদ্ধে কেৰিয়াৰৰ ১০০ সংখ্যক টেষ্ট খেলিব কোহলীয়ে।