ম’হালিত আজিৰে পৰা আৰম্ভ হ’ব ভাৰত–শ্রীলংকাৰ প্রথম টেষ্ট৷ পঞ্জাব ক্রিকেট সন্থাৰ এই ঐতিহাসিক গ্রাউণ্ডত খেলিবলগীয়া মেচখন স্মৰণীয় কৰি ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব টীম ইণ্ডিয়া৷ ভাৰতৰ বহু সফলতাৰ সাক্ষী হৈ ৰোৱা ম’হালিত ৰোহিত শর্মাই টেষ্ট দলৰ অধিনায়ক হিচাপে আত্মপ্রকাশ ঘটাব৷
আনহাতে, প্রাক্তন অধিনায়ক তথা বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটছমেন হিচাপে পৰিচিত বিৰাট কোহলিয়ে ম’হালিত খেলিব কেৰিয়াৰৰ শততম টেষ্ট৷ ভাৰতীয় ক্রিকেটৰ এই দুই মহাৰথীৰ বাবে স্মৰণীয় হৈ ৰ’বলগীয়া এই মেচখনৰ পৰা টীম ইণ্ডিয়াই এক নতুন যুগৰ আৰম্ভণি কৰিব৷ শ্বেটেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেৰ দৰে অভিজ্ঞ তাৰকাৰ স্থানত ভাৰতে এই শৃংখলাত উদীয়মান বেটছমেন শুভমন গিল আৰু হনুমা বিহাৰীক মিডল অর্ডাৰৰ দায়িত্ব অর্পণ কৰিছে।
টি–২০ আৰু এদিনীয়াত আকৰ্ষণীয় বেটিঙেৰে দৰ্শকৰ মন জয় কৰা শ্রেয়াছ আয়াৰেও ভাৰতীয় টেষ্ট দলত খেলাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে টেষ্ট অভিষেকত শতক অর্জন কৰি ভাৰতীয় টেষ্ট দলৰ নিয়মীয়া সদস্য হোৱাৰ প্রবল দাবীদাৰ হৈ উঠিছে শ্ৰেয়াছ।
দীর্ঘদিনৰ মূৰত ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটোৱা ৰবীন্দ্র জাদেজাৰ প্রদর্শনৰ ওপৰতো ক্রিকেট অনুৰাগীৰ দৃষ্টি নিবদ্ধ থাকিব৷ শ্রীলংকাৰ বিৰুদ্ধে টি–২০ শৃংখলাত দুর্দান্ত বেটিঙেৰে জাদেজাই ইতিমধ্যে অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে।
আনহাতে, বিৰাত কোহলিৰ কেৰিয়াৰৰ শততম টেষ্টখনলৈ অনুৰাগীয়ে হেঁপাহেৰে অপেক্ষা কৰিছে৷ উল্লেখ্য যে, জানুৱাৰীত দক্ষিণ আফ্রিকাৰ হাতত টেষ্ট শৃংখলা হেৰুওৱাৰ পিছত আকস্মিকভাৱে ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব ত্যাগ কৰা কোহলি ৰোহিতৰ নেতৃত্বত প্রথমবাৰৰ বাবে খেলপথাৰত নামিব৷ শততম টেষ্টত শতক অর্জন কৰা ভাৰতৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে ইতিহাস ৰচাৰ লক্ষ্যৰে তাৰকাগৰাকীয়ে শ্রীলংকাৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ হ’বলগীয়া প্রথম টেষ্টত অৱতীর্ণ হ’ব৷