ক্ৰীড়া প্ৰেমীয়ে আশা কৰাৰ দৰেই Commonwealth Games ৰ দ্বিতীয় দিনটোত অসমৰ লাভলীনা বৰগোহাঁয়ে নিজৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ এৰিয়ান নিকলছনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে।
টকিঅ’ অলিম্পিকৰ পদক বিজয়ী লাভলীনাই ৭০ কিলোগ্ৰাম শাখাত এই সফলতা লাভ কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাউণ্ড অফ-১৬ত সফলতাৰে যাত্ৰা আৰম্ভ কৰা লাভলীনাই এৰিয়ান নিকলছনক ৫ঃ০ ব্যৱধানত পৰাস্ত কৰিছে। তেওঁৰ পৰৱৰ্তী মেচ ৩ আগষ্টত ৱেলছৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে খেলিব।