অসমৰ খেলজগতৰ বাবে অতি দু-খবৰ। তুৰস্কৰ ইষ্টানবুলত চলি থকা IBA বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় ল’লে লাভলীনা বৰগোঁহাইয়ে।
IBA স্বীকৃতি প্ৰাপ্ত খেলুৱৈ কিনডি নাগামবা ডিজেনকেউৰ হাতত ৪-১ পইন্টত পৰাস্ত হয় লাভলীনা বৰগোঁহাই। ২০২১ চনৰ টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোঁহাই পৰাস্ত হোৱা খৱৰ সহজ ভাৱে লব পৰা নাই ক্ৰীড়া প্ৰেমীয়ে। হতভম্ব হৈ পৰিছে ভাৰতীয় ক্ৰীড়া বিশেষজ্ঞ।
লাভলীনা বৰগোঁহাই পৰাস্ত হৈছে যদিও এতিয়াও IBA বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত বৰ্তী আছে অসমৰ আন গৰাকী সফল মহিলা বক্সাৰ অংকুশিতা বড়ো। উল্লেখযোগ্য যে অংকুশিতা বড়োৱে জুনিয়ৰত বিশ্ব চেম্পিয়নৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ সম্মান লাভ কৰি থৈছে। ১৫ মে’ত অংকুশিতা বড়োৱে ৰিঙত নামিব। অংকুশিতা বড়োৰ খেলৰ সময়ত তুৰস্কৰ ৰিঙৰ কাষত উপস্থিত থাকিব বক্সিং ইন্ডিয়াৰ সচিৱ প্ৰধান তথা অসম অলিম্পিক সন্থাৰ সাঃ সম্পাদক হেমন্ত কলিতা।