ব্ৰামিংহামত চলি থকা Commonwealth Gamesৰ দ্বিতীয় দিনাৰ খেলত ৰিঙত নামিব অসমৰ লাভলীনা বৰগোঁহাই আৰু বিশ্ব চেম্পিয়ন বক্সাৰ নিখাট জাৰিনে।
অসমৰ লাভলীনা বৰগোহাইয়ে আজি মহিলাৰ ৬৬-৭০ কেজি শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত নিউজিলেন্ডৰ আৰাইন নিকলছনৰ বিৰুদ্ধে খেলিব। নিকলছনৰ বিৰুদ্ধে জয় হলে কোৱাৰ্টাৰ ফাইনেলত ২০১৮ চধৰ গন্ড কষ্ট কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী ৱেলছৰ ৰজি একলেছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
আনহাতে শেহতীয়া আইবিএ বিশ্ব চেম্পিয়ন ভাৰতৰ মহিলা বক্সাৰ নিখাট জাৰিনে শনিবাৰে মজাম্বিকৰ হেলিনা ইছমেইল বাগাও বিৰুদ্ধে খেলিব। মহিলাৰ ৪৮-৫০ কেজি শাখাত প্ৰচুৰ প্ৰতিভা সম্পন্ন নিখাট জাৰিনৰ জয় প্ৰায় নিশ্চিত। শনিবাৰে জয় হলে কোৱাৰ্টাৰ ফাইনেলত নিখাটে ৱেলছৰ হেলেন জোনছৰ বিৰুদ্ধে খেলিব।
শুকুৰবাৰে দুৰ্দান্ত প্ৰদৰ্শনেৰে পাকিস্তানৰ ছুলেমান বালটছক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰা অসমৰ শিৱ থাপাই আজি স্কটলেন্ডৰ ৰেছি লাইনছৰ বিৰুদ্ধে খেলিব।