২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অৰ্থাৎ নেশ্যনেল গেমছ – ২০২২। ইতিমধ্যে অসমৰ বহু কেইজন খেলুৱৈ নেশ্যনেল গেমছত অংশ গ্ৰহণৰ বাবে ৰাওনা হৈছে গুজৰাটলৈ।
উল্লেখ্য যে, নেশ্যনেল গেমছত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব বক্সাৰ লাভলীনা বৰগোঁহাই। প্ৰশিক্ষণত নাকত আঘাত পোৱাৰ বাবে চিকিৎসকে বিশ্ৰামৰ পৰামৰ্শ দিছে লাভলীনাক।
নেশ্যনেল গেমছ ২০২২ৰ বাবে লাভলীনাই কঠোৰ অনুশীলন চলাইছিল আৰু এক প্ৰকাৰৰ পদক নিশ্চিত আছিল লাভলীনাৰ। কিন্তু আঘাতৰ বাবে তাৰ পৰা বঞ্চিত হৈ ৰব লাভলীনা। নেশ্যনেল গেমছ ২০২২ত অসমৰ পতাকা বহন কৰিব অম্লান বৰগোঁহায়ে।